ৰঙিয়া : ৰঙিয়া আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। ড্ৰাগছ বিৰোধী অভিযান চলাই ৰঙিয়া আৰক্ষীয়ে লাভ কৰিলে এক বৃহৎ সাফল্য। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত মাতৃ-পুত্ৰক আটক কৰিলে ৰঙিয়া আৰক্ষীয়ে। কেইবা লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ ৰঙিয়া আৰক্ষীৰ জালত পৰিল মাতৃ-পুত্ৰ।

ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সাফল্য লাভ কৰি থকাৰ মাজতে কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এক বৃহৎ সাফল্য লাভ কৰিছে। ড্ৰাগছ সৰবৰাহৰ লগত জড়িত মাতৃ-পুত্ৰক আটক কৰিছে ৰঙিয়া আৰক্ষীয়ে।

এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই কেইবা লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ আটক কৰিলে মাতৃ-পুত্ৰক। ৰঙিয়াৰ উদিয়ানাত অভিযান চলাই ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী মাতৃ-পুত্ৰক আটক কৰে। ৰুচিয়া বেগম আৰু জেহেৰুল হক নামৰ মাতৃ-পুত্ৰক কেইবা লক্ষাধিক টকা মূল্যৰ ড্ৰাগছসহ আটক কৰে আৰক্ষীয়ে।

ৰঙিয়া আৰক্ষীয়ে লগতে এজন ড্ৰাগছ আসক্ত যুৱককো আটক কৰে। ড্ৰাগছ আসক্ত যুৱকজন উদিয়ানাৰ চফিকুল ইছলাম বুলি জানিব পৰা গৈছে। ৰুচিয়া বেগম আৰু জেহেৰুল হক দীৰ্ঘদিন ধৰি ৰঙিয়াৰ বিভিন্ন অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰাৰ লগতে বহিঃৰাজ্যৰ একাংশ ট্ৰাক চালকক ড্ৰাগছ যোগান ধৰি আছিল বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে অভিযান চলাই ৫.৮৬ গ্ৰাম ড্ৰাগছ, ১৫ টা কন্টেইনাৰ, নগদ ধন আৰু মোবাইল ফোনসহ আটক কৰে ৰুচিয়া বেগম আৰু জেহেৰুল হকক। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ সৰবৰাহকাৰী মাতৃ-পুত্ৰক জেৰা অব্যাহত ৰাখিছে। ইফালে উদিয়ানাৰ ৰাইজে আৰক্ষীৰ এই অভিযানত সন্তুষ্টি প্ৰকাশ কৰি আৰক্ষীক ধন্যবাদ জ্ঞাপন কৰিছে।