জোনমণি বেগম
বিশ্বনাথ : ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। এক ভয়ংকৰ দুর্ঘটনাৰ পৰা ৰক্ষা পৰিল এজন লোকৰ প্ৰাণ। বিশ্বনাথ নগৰৰ শান্তিপুৰৰ ৫ নং ৱাৰ্ডত সংঘটিত হোৱা এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিল এজন লোকৰ প্ৰাণ।

বিশ্বনাথৰ শান্তিপুৰৰ নিবাসী অংকুৰ পাল নামৰ এজন লোক দৈনিক বজাৰ কৰি ঘৰলৈ উভতি আহি থকা সময়তে শান্তিপুৰৰ ৫ নং ৱাৰ্ডত এক ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰে। হঠাৎ লোকজন চাইকেলেৰে গৈ থকা সময়তে এখন ট্ৰাকত জিঅ ফাইবাৰৰ তাঁৰ লাগি বিদ্যুৎৰ খুটা ভাঙি লোকজনৰ ওপৰত খহি পৰে।

দুৰ্ঘটনা সংঘটিত হোৱা সময়ত বিদ্যুৎ তাঁৰত সংযোক্ত আছিল বিদ্যুৎ যোগান। বিদ্যুৎ খুটা ভাঙি লোকজনৰ চাইকেলৰ ওপৰত পৰাত চাইকেলখন সম্পূৰ্ণৰূপে ধ্বংস হয় যদিও কথমপি লোকজনৰ প্ৰাণ ৰক্ষা পৰে। লোকজন সামান্য আহত হোৱাত লোকজনক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয়।

দুৰ্ঘটনা সংঘতিত হোৱাৰ পিছতে উক্ত অঞ্চলটোত বহু লোকৰ ঘৰৰ সামগ্ৰী বিদ্যুৎ বিজুতি হৈ নষ্ট হয়। বিশ্বনাথ চাৰিআলি বিদ্যুৎ উপ সংমণ্ডলৰ চৰম গাফিলতিৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে। বিদ্যুৎ বিভাগৰ গাফিলতিৰ ফলতে এজন লোকৰ প্ৰাণ কথমপি ৰক্ষা পৰে বুলিও কয় একাংশ লোকে।