বাইহাটা : অসম আৰক্ষীৰ এজন চিপাহীৰ ঘৰৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs Seized)। পত্নীৰ সহযোগত চিপাহীজনে চলাই আছিল ড্ৰাগছৰ বেহা। পত্নীসহ চিপাহীজনক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

অসম আৰক্ষীয়ে ড্ৰাগছ মুক্ত অসম গঢ়াৰ লক্ষ্যৰে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। প্ৰতিদিনে ৰাজ্যৰ প্রান্তে প্রান্তে অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই ড্ৰাগছ জব্দ কৰাৰ লগতে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ড্ৰাগছ বিৰোধী অভিযানত অসম আৰক্ষীয়ে কেইবাটাও বৃহৎ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে।

অসম আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই এটাৰ পিছত আনটো সফল্য লাভ কৰি থকাৰ পিছতো ৰাজ্যত এতিয়াও চলি আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা। এতিয়াও অসমৰ মাজেৰে বহিঃৰাজ্যলৈ সৰবৰাহ হৈ আছে ড্ৰাগছ। ড্ৰাগছ সৰবৰাহকাৰী সকলে ন ন কৌশল অৱলম্বন কৰি অসমৰ মাজেৰে ড্ৰাগছৰ সৰবৰাহ চলাই আছে। এফালে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে আৰু আনফালে আৰক্ষীৰ লোকে ড্ৰাগছৰ বেহাৰ লগত জড়িত থাকৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।

এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত। বাইহাটা চাৰিআলিৰ কৰৰা গাঁৱত অসম আৰক্ষীৰ এজন চিপাহীৰ ঘৰত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। মোজাফৰ আহমেদ নামৰ চিপাহীজনৰ ঘৰৰ পৰা জব্দ হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত কফ চিৰাপ আৰু ড্ৰাগছ। মোজাফৰ আহমেদে পত্নীৰ সহযোগত দীর্ঘদিন ধৰি গাঁওখনত ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আছিল বুলি গাঁওখনৰ একাংশ লোকে জানিবলৈ দিয়ে।

কামৰূপ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত মোজাফৰ আহমেদৰ ঘৰত অতর্কিতে অভিযান চলাই নিচাযুক্ত কফ চিৰাপ আৰু ড্ৰাগছখিনি জব্দ কৰে। বাইহাটা চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল নাথৰ নেতৃত্বত চলিছিল এই অভিযান। আৰক্ষীয়ে পত্নীসহ মোজাফৰ আহমেদক আটক কৰি অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।