গুৱাহাটী : মাৰোৱাৰী চিকিৎসালয়ৰ (Marwari Hospital) উদ্যোগত দেওবাৰে এক বিনামূলীয়া দন্ত চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। চিকিৎসালয়খনৰ চৌহদত পুৱা ১০ বজাৰ দুপৰীয়া ২ বজালৈ এই বিনামূলীয়া দন্ত চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। দাঁতৰ সমস্যাৰ ৰোগী সকলক বিনামূলীয়া পৰীক্ষা, পৰামৰ্শ ঔষধ প্ৰদান কৰা হয়।

বিনামূলীয়া দন্ত শিবিৰত উপস্থিত থাকি ৰোগী সকলক চিকিৎসা আৰু পৰামৰ্শ প্ৰদান কৰে ডাঃ এছ.এ.এ.আছৰফ, ডাঃ নেহা বোথৰা আৰু ডাঃ আৰ.অনন্য দত্তই। শিবিৰত মুঠ ৬০ জন ৰোগীক চিকিৎসা প্ৰদান কৰা হয়। শিবিৰত অধিকাংশ ৰোগী ফাঁচী বজাৰ, আঠগাঁও, কুমাৰপাৰা, ফটাশিল আৰু ইয়াৰ ওচৰৰ অঞ্চলৰ বাসিন্দা আছিল। ডাঃ এছ.এ.এ.আছৰাফে কয়, “আজি আমি চিকিৎসালয়খনৰ ওচৰৰ অঞ্চলৰ পৰা অহা ৬০ জন ৰোগীক পৰীক্ষা কৰিছো। তেওঁলোকৰ বহুতৰে দাঁতৰ সমস্যা যেনে দাঁতৰ বিষ, গহ্বৰ, দাঁতৰ পৰা ৰক্তক্ষৰণ আদিৰ সমস্যা আছে”।

চিকিৎসকজনে লগতে কয় যে আমাৰ চিকিৎসাৰ অন্তত ৰোগী সকলে উন্নত ফলাফল পাব বুলি আশাবাদী। মাৰোৱাৰী চিকিৎসালয়ৰ সঞ্চালক ডাঃ জে পি শৰ্মাই দন্ত চিকিৎসক সকলৰ লগতে মাৰোৱাৰী হাস্পতালৰ কৰ্মচাৰীসকলক বিনামূলীয়া দন্ত চিকিৎসা শিবিৰৰ ব্যৱস্থা কৰাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ লগতে কয় যে মাৰোৱাৰী হাস্পতালে সময়ে সময়ে বিনামূলীয়া স্বাস্থ্য শিবিৰৰ জৰিয়তে মানুহক সেৱা আগবঢ়াই আহিছে।

চিকিৎসালয়খনৰ এনে প্ৰচেষ্টাই মানুহক ৰোগৰ প্ৰতি সতৰ্ক হৈ থকাৰ লগতে স্বাস্থ্যৰ প্ৰতি সচেতনতা অৱলম্বন কৰাত সহায় কৰিব। অদূৰ ভৱিষ্যতে ৰাজ্যৰ ভিতৰুৱা অঞ্চল সমূহত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰি বিভিন্ন ৰোগত আক্রান্ত ৰোগী সকলক বিনামূলীয়া চিকিৎসা আৰু ঔষধ যোগান ধৰি সহায় কৰাটো মাৰোৱাৰী চিকিৎসালয়ৰ লক্ষ্য বুলিও তেওঁ কয়।