প্রবীণ অভিনেতা, সমাজকৰ্মী ফণীন্দ্ৰ কুমাৰ চৌধুৰীৰ বিয়োগ

In ৰাজ্য
TheChocolateRoomTezpur

গুৱাহাটী : বজালী জিলাৰ সৰুপেটাৰ বিশিষ্ট নাগৰিক, অভিনেতা সমাজকৰ্মী, প্রবীণ কংগ্ৰেছ নেতা ফণীন্দ্র কুমাৰ চৌধুৰীৰ বৃহস্পতিবাৰে নিশা ১০-৩০ বজাত গুৱাহাটীৰ বীৰকুছিৰ বিহগী নগৰত একমাত্ৰ পুত্ৰ সন্তানৰ বাসগৃহত মৃত্যু হয়। ১৯৩৭ চনৰ ৭ নৱেম্বৰত জন্ম হোৱা ফণীন্দ্র কুমাৰ চৌধুৰীৰ মৃত্যুৰ সময়ত ৮৬ বছৰ হৈছিল৷ বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা ফণীন্দ্র কুমাৰ চৌধুৰীয়ে সত্তৰৰ দহকত সৰুপেটাত যাত্ৰা পাৰ্টিৰ অন্যতম জন্ম দাতা আছিল।

যাত্ৰা পাৰ্টি স্থাপন কৰি ফণীন্দ্র কুমাৰ চৌধুৰীয়ে বিভিন্ন এলেকাত নাটক পৰিৱেশনতো আগভাগ লৈছিল৷ এটা সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰজনক অচ্যুত লহকৰৰ লগটো তেওঁ বিভিন্ন ঠাইত নাটক কৰিছিল। কেইবাটাও অপেছাদাৰী নাট্য গোষ্ঠীৰ লগত জৰিত ফণীন্দ্র কুমাৰ চৌধুৰীয়ে সৰুপেটাত ষাঠিৰ দহকৰ পৰাই নাটকৰ প্ৰতি নতুন পুৰুষক আকৰ্ষণ কৰিছিল। লক্ষণীয় যে তেওঁ অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়তেই তেজপুৰত মহাত্মা গান্ধীৰ সাক্ষাৎ লাভ কৰিছিল। গুৱাহাটীৰ পাণ্ডুত অনু্ষ্ঠিত কংগ্ৰেছৰ মহাসভাত সঞ্জয় গান্ধীকো সাক্ষাৎ কৰাৰ অভিজ্ঞতা থকা চৌধুৰীয়ে সৰুপেটাৰ বিভিন্ন অনুষ্ঠান স্থানপতো অতুজ্জল ভূমিকা গ্ৰহণ কৰিছিল।

তেওঁৰ পিতৃ সোনাৰাম চৌধুৰীয়ে স্থাপন কৰা সৰুপেটা হাইস্কুল আৰু খুড়াক ৰজনীকান্ত চৌধুৰীয়ে স্থাপন কৰা সৰুপেটা বি এইচ বি মহাবিদ্যালয়ৰো দীৰ্ঘদিন গৱৰ্নিং বোডীৰ সদস্য আছিল৷ সৰুপেটা বি এইচ বি মহাবিদ্যালয় তেওঁ প্রতিষ্ঠা বৰ্ষৰ ছাত্ৰ আছিল। সৰুপেটা দুৰ্গা পূজা, ৰঙালী বিহু উদযাপন, হস্তিনাপুৰ সমবায়, সৰুপেটা শ্যামা পূজা, মিলন মন্দিৰ, সৰুপেটা বজাৰ কমিটি আদিৰ লগত দীৰ্ঘদিন ওতপ্রোত ভাৱে জড়িত থকাৰ লগতে সৰুপেটাৰ বিভিন্ন স্থায়ী উন্নয়নমূলক কামত জড়িত থকা ফণীন্দ্র কুমাৰ চৌধুৰী কৌতুক অভিনেতা হিচাপেই বজালীত বিখ্যাত আছিল। আনহাতে তেওঁ ১৯৫৯ চনত ৰচি টনা পদ্ধতিৰে অনুষ্ঠিত গাঁও পঞ্চায়তৰ নিৰ্বাচনত জয় লাভ কৰি সামাজিক কামত অধিক মনোযোগ দিছিল।

ফণীন্দ্র কুমাৰ চৌধুৰীয়ে ১৯৬২ চনত আঞ্চলিক পঞ্চায়তৰৰ অতিৰিক্ত সদস্য, ১৯৬৯ চনত গাঁও পঞ্চায়তৰ সদস্য, ১৯৭৬ চনত গাঁও পঞ্চায়তৰ সদস্য, ১৯৯১ চনত সৰুপেটা গাঁও পঞ্চায়তৰ সভাপতি, ১৯৯৬ চনত গাঁও পঞ্চায়তৰ সভাপতি, ২০০২ চনত সৰুপেটা জিলা পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল আৰু তৃণমূল পৰ্য্যায়ত জনপ্রিয় নেতা হিচাপে সুখ্যাতি পাইছিল। তদুপৰি তেওঁ কংগ্ৰেছৰ বিভিন্ন দলীয় বিষয়বাবত দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ গোমূৰা আৰু হাঠিনাপুৰ হাইস্কুলৰ গৱৰ্নিং বোডীৰো সভাপতি আছিল৷ বৃহত্তৰ সৰুপেটাৰ উন্নয়নৰ বাবে ওৰে জীৱন কাম কৰা ফণীন্দ্র কুমাৰ চৌধুৰী গুৱাহাটীৰ পূব জ্যোতিনগৰ নামঘৰৰ আজীৱন সদস্য আছিল।

ফণীন্দ্র কুমাৰ চৌধুৰীয়ে মৃত্যুৰ সময়ত একমাত্ৰ সন্তান দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী, পত্নী অনুপমা চৌধুৰী, বোৱাৰী মহৰ্ষি বিদ্যালয়ৰ শিক্ষয়িত্ৰী বুলা কাকতি চৌধুৰী, দুগৰাকী নাতি আৰু অসংখ্য আত্মীয়ক ইহসংসাৰত এৰি গৈছে। ফণীন্দ্র কুমাৰ চৌধুৰীৰ মৃত্যুত ভৱানীপুৰ সমষ্টিৰ বিভিন্ন স্থানৰ লগতে বৃহত্তৰ সৰুপেটাত শোকৰ ছাঁ পৰিছে। ফণীন্দ্র কুমাৰ চৌধুৰীৰ অন্তেষ্টিক্রিয়া শুকুৰবাৰে গুৱাহাটীস্থিত নৱগ্রহ স্মশানত কৰা হ’ব।

You may also read!

সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্ত:ৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন

গুৱাহাটী : সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বিৰোধী দিৱস উদযাপন। ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাদাৰ্ছৰ উদ্যোগত অনুব্রত সমিতি,

Read More...

১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ

আজিজ আলী নলবাৰী : ১৩৬ বেটেলিয়ান চিআৰপিএফ বাহিনীৰ প্ৰশংসনীয় পদক্ষেপ। নলবাৰীৰ সৰিয়হতলীত ১৩৬ নং বেটেলিয়ানৰ চিআৰপিএফ বাহিনীৰ বানাক্ৰান্তৰ বাবে বিশাল

Read More...

নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ

নগাঁও : নগাঁৱত ড্ৰাগছ বিনষ্টিকৰণ কাৰ্যসূচী। নগাঁৱত পুনৰ জ্বলিল ১৫ কোটি টকা মূল্যৰ ড্ৰাগছ। নগাঁও জিলাৰ বিভিন্ন থানাৰ আৰক্ষীয়ে

Read More...

Mobile Sliding Menu