গুৱাহাটী, সংবাদ ৩৬৫, ২৫ আগষ্ট : লতাশিল আৰক্ষীৰ জালত তিনি মহিলা ড্ৰাগছ সৰবৰাহকাৰী । শনিবাৰে ৰাতি লতাশিল আৰক্ষীয়ে কালিবাৰী ৰে’লৱে কলনিৰ পৰা ড্ৰাগছসহ আটক কৰে মহিলা কেইগৰাকীক ৷

মহিলা কেইগৰাকীৰ পৰা উদ্ধাৰ হৈছে ৪৫ টা ড্ৰাগছভৰ্তী কনটেইনাৰ সহ তিনিটা মোবাইল,নগদ পাচঁ হাজাৰ টকা । ধৃত মহিলাকেইগৰাকীৰ নাম জেৰিনা বেগম ওৰফে মৰজিনা,চামিৰন বানু ওৰফে চটো গেদী আৰু ৰেহনা বেগম । ৰাহুল নামৰ এজন লোকৰ নেতৃত্বতে দীৰ্ঘদিন ধৰি ড্ৰাগছ ব্যৱসায় কৰি আহিছিল তিনি মহিলাই ।