ডিব্ৰুগড়, সংবাদ ৩৬৫, ১৪ ছেপ্টেম্বৰ : তাজিয়া কাণ্ডৰ পাছতেই ডিব্ৰুগড় আৰক্ষী অধীক্ষকক বদলি কৰা হৈছে । ১৩ ছেপ্টেম্বৰত এই সন্দৰ্ভত গৃহ বিভাগে জাৰি কৰিছে জাননী।
আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণৰ সলনি নতুন অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে এ পি এছ বিষয়া গৌতম বৰাক ।
আনহাতে শুভাসিনী শংকৰণক বদলি কৰা হৈছে কাহিনীপাৰাৰ দশম আৰক্ষী বেটেলিয়ানৰ অধীক্ষক ৰূপে।
উল্লেখযোগ্য যে মঙলবাৰে অৰ্থাৎ মহৰমৰ দিনা ডিব্ৰুগড়ৰ ৰাজপথত তাজিয়া প্ৰদৰ্শনৰ নামত ভাঙি চূৰ্ণ–বিচূৰ্ণ কৰিছিল দুখনকৈ বাহনৰ আইনা। ৰাজপথৰ কাষত ৰখাই থোৱা আছিল বাহন দুখন। হাতত মাৰণাস্ত্ৰ আৰু তৰোৱাল লৈ ডিব্ৰুগড়ৰ ৰাজপথত তাণ্ডৱৰ সৃষ্টি কৰিছিল।
উক্ত ঘটনাক লৈ ছচিয়েল মিডিয়াত সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। ইয়াৰ পাছতেই এই কাণ্ডৰ লগত জড়িত দুজনক আটক কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে । আৰক্ষী অধীক্ষক শুভাসিনী শংকৰণে এই ঘটনাৰ কাকোৱে ৰেহাই দিয়া নহ’ব বুলি মন্তব্য কৰিছিল । ইয়াৰ পাছতেই অধীক্ষকগৰাকীক বদলিৰ জাৰি জাননী কৰিছে গৃহ বিভাগে ।