আজিজ আলী

মুকালমুৱা : মুকালমুৱাত এজন ই ৰিক্সা চালকে ৰক্ষা কৰিছে দুর্ঘটনাত পতিত স্বামী-স্ত্ৰীৰ প্ৰাণ। ই ৰিক্সা চালকজনৰ তৎপৰতাৰ বাবেই ৰক্ষা পৰে দুৰ্ঘটনাত পতিত স্বামী-স্ত্ৰীৰ প্ৰাণ। পুখুৰীত ডুব যোৱা বাহনৰ পৰা ই ৰিক্সা চালকে উদ্ধাৰ কৰে স্বামী-স্ত্ৰীক।

বুধবাৰে নলবাৰী জিলাৰ মুকালমুৱাৰ বৰতলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। বৰতলাত নিয়ন্ত্ৰণ হেৰুৱাই এখন চুইফট বাহন পুখুৰীত সুমাই পৰে। বৰপেটা জিলাৰ কালগাছিয়াৰ পৰা আহি থকা তীব্ৰ বেগী চুইফট বাহনখন নিয়ন্ত্ৰণ হাৰুৱাই পথৰ কাষৰ পুখুৰীত সোমাই পৰে।

দুর্ঘটনাগ্ৰস্ত হৈ পুখুৰীত ডুব যোৱা এএছ-০১-ইএল-২৮১৯
নম্বৰৰ চুইফট বাহনখনত থকা স্বামী স্ত্ৰীক প্ৰত্যক্ষ কৰি একে দিশৰ পৰা আহি থকা ই ৰিক্সা চালক এজনে লগে লগে পুখুৰীত নামি গৈ উদ্ধাৰ কৰে দুইজনকে। বৰ্তমান স্বামী-স্ত্ৰী দুয়োজন সুস্থ অৱস্থাত আছে। জানিব পৰা মতে স্বামী-স্ত্ৰী দুয়োজন কালগাছিয়াৰ পৰা আমিনগাঁও লৈ আহি আছিল।