গুৱাহাটী : এমাহ ৰোজা পালনৰ অন্তত মঙলবাৰে ইছলাম ধৰ্মাৱলম্বী লোক সকলে শান্তি-সম্প্ৰতিৰ মহান বাণীৰে সমগ্ৰ দেশৰ লগতে অসমটো পবিত্র ঈদ-উল-ফিটৰ পালন কৰে। ঐতিহ্যমণ্ডিত তথা পৰম্পৰাগত সম্প্ৰীতিৰ এনাজৰি অটুত ৰখাৰ আহ্বান জনাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ঈদগাহ পথাৰত পুৱা ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদৰ নামাজ পঢ়ে।

ঈদ উপলক্ষে ইজনে সিজনক ঈদৰ শুভেচ্ছা জ্ঞাপন কৰে৷ মহানগৰীৰ মাছখোৱা আৰু ইছলামপুৰ ঈদগাহত ইছলাম ধৰ্মাৱলম্বীৰ লোক সকলে এমাহ ৰোজাৰ অন্তত সমূহীয়াভাৱে ঈদৰ নামাজত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত ৰাজ্যত শান্তি সম্প্ৰীতি অটুট ৰখাৰ বাবে দোৱা কৰে। মহানগৰীৰ কাহিলিপাৰাৰ দক্ষিণগাঁৱতো পুৱাৰ ভাগত ইছলাম ধৰ্মাৱলম্বী লোক সকলে সমূহীয়া ভাৱে ঈদ-উল-ফিটৰৰ নামাজত অংশগ্ৰহণ কৰে।

জালুকবাৰীৰ গাড়ীগাঁও ঈদগাহ, মাদ্ৰাছা, মছজিদত ঈদৰ নামাজত অংশগ্ৰহণ কৰে অঞ্চলটোৰ সকলো ইছলাম ধৰ্মাৱলম্বী লোক সকলে। সমাজৰ অসূয়া অশান্তি দূৰ হৈ ভাতৃত্ববোধৰ এনাজৰী ডাল যাতে অধিক কটকটীয়া হয় তাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে সকলোৱে। নামাজৰ অন্তত ইজনে সিজনক আলিংগন কৰি ঈদৰ পৱিত্ৰ দিনটোৰ শুভেচ্ছা জ্ঞাপন কৰে।

যোৰহাট জিলাৰো বিভিন্ন ঈদগাহত আৰু মাছজিদত পুৱাৰ ভাগত ঈদ-উল-ফিটৰৰ নামাজত অংশগ্ৰহণ কৰে ইছলাম ধৰ্মাৱলম্বীৰ লোক সকলে। নামজত অংশগ্ৰহণ কৰা লোক সকলে বিশ্ব শান্তিৰ বাবেই দোৱা কৰে। উল্লেখ্য যে যোৱা দুটা বছৰ বিশ্বব্যাপী ক’ভিড মহামাৰীৰ বাবে ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ মাজতে ঈদ-উল-ফিটৰৰ উৎসাহ পৰিলক্ষিত হোৱা নাছিল।