আজিজ আলী

মুকালমুৱা : মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত কান্ধবাৰীত শহুৰৰ ধন জোঁৱাইয়ে আত্মসাৎ কৰাৰ এক ঘটনা সংঘটিত হৈছে। কান্ধবাৰী নিবাসী লিয়াকত আলীৰ ভাৰতীয় ষ্টেট বেংকৰ মুকালমুৱা শাখাৰ ১১৪২২৭৬৩৫৬৪ নম্বৰৰ একাউণ্টৰ পৰা কৌশলেৰে জোঁৱাই ইছমাইল আলীয়ে দুই লাখ তিনি হাজাৰ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

লিয়াকত আলীয়ে নিজৰ একাউন্টৰ পৰা টকা উলিওৱাৰ মেছেজ পাই পিছত ষ্টেট বেংকৰ মুকালমুৱা শাখাত উপস্থিত হয়।
শাখা বিষয়া গৰাকীয়ে লিয়াকত আলী নামৰ দুৰ্ভগীয়া লোকজনৰ দুখ বুজি লগে লগে একাউণ্টটো পৰীক্ষা কৰে। শাখা বিষয়া গৰাকীয়ে যিটো নম্বৰৰ পৰা গুগল পে কৰি লিয়াকত আলীৰ একাউন্টৰ পৰা টকা আত্মসাৎ কৰিছিল সেই ফোন নম্বৰটো লিয়াকত আলীক দি আৰক্ষীৰ ওচৰ চাপিবলৈ পৰামৰ্শ দিয়ে।

ইয়াৰ পিছতে লিয়াকত আলীয়ে মুকালমুৱা আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে। মুকালমুৱা আৰক্ষীয়ে লিয়াকত আলীৰ এজাহাৰৰ ভিত্তিত তদন্ত চলাই এজাহাৰকাৰীৰ জোঁৱাই ইছমাইল আলীক শহুৰৰ ঘৰৰ পৰাই আটক কৰে। আৰক্ষীয়ে ইছমাইল আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত কান্ধবাৰীৰ আন দুজন লোক চানবৰ আলী আৰু নুৰুল হকক দেওবাৰে নিশা আটক কৰিবলৈ সক্ষম হয়।