জোনমণি বেগম

বিশ্বনাথ : বিশ্বনাথত গাহৰিৰ দেহত আফ্ৰিকান চোৱাইন ফিভাৰৰ লক্ষণ দেখা পোৱা গৈছে। জানিব পৰা মতে প্ৰতাপগড়ৰ শ্ৰীমনি ফুলকন এগ্ৰটেক গোটে নামৰ ফাৰ্মৰ গাহৰিৰ দেহত আফ্ৰিকান চোৱাইন ফিভাৰৰ লক্ষণ দেখা পোৱাৰ লগতে ১৪১ টাকৈ গাহৰিৰ মৃত্যু হৈছে। এই সংক্ৰামক ৰোগৰ বিষয়ে গুৱাহাটীত বিভাগীয় পৰীক্ষাগাৰত চোৱাইন ফিভাৰৰ নিশ্চিত তথ্য লাভ কৰা হয়।

শনিবাৰে এই তথ্য লাভ কৰাৰ পিছত অঞ্চলটোত পশু চিকিৎসকে আন গাহৰিৰ দেহলৈ এই ৰোগৰ সংক্ৰমণ ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।।বিশেষ সুত্ৰ মতে প্ৰতাপগড়ৰ ব্যক্তিগতভাৱে বস্তি অঞ্চলত পালন কৰা কেতবোৰ গাহৰিৰ ইতিমধ্যে মৃত্যু ঘটিছে। এনেদৰে মৃত্যু হোৱা গাহৰিৰ মৰণোত্তৰ পৰীক্ষা সম্পাদন কৰা হোৱা নাছিল। এই গাহৰিবোৰ সাধাৰণ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি চিকিৎসকৰো পৰামৰ্শ গ্ৰহণ কৰা হোৱা নাই।

একপ্ৰকাৰ উন্মুক্ত অৱস্থাত পালন কৰা এই গাহৰি সমূহৰ পৰাই কাষৰ ফাৰ্মখনলৈ আফ্ৰিকান চোৱাইন ফিভাৰ বিয়পি পৰাৰ শংকা কৰা হৈছে। ইতিমধ্যে ফাৰ্মখনত বৰ্তমানেও জীৱিত ৭৩ টাকৈ অষ্ট্ৰেলিয়ান প্ৰজাতিৰ গাহৰি নিধন কৰাৰ অবিহনে আন উপায় নাই বুলি এক সুত্ৰত প্ৰকাশ। উল্লেখ্য যে লেতেৰা পৰিৱেশত প্ৰতাপগড়ৰ বস্তি অঞ্চলত গাহৰি পালন কৰাৰ লগতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰাৰ বাবেই দাঁ‌তি কাষৰীয়া ফাৰ্ম আৰু জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াই অনাৰ শংকা কৰি জিলা প্ৰশাসনে গাহৰিৰ মাংস বিক্ৰিত নিষেধাজ্ঞা জাৰি কৰিছে।

প্ৰতাপগড়ৰ পৰা প্ৰায় ১০ কিলোমোটাৰ ব্যাসাৰ্ধৰ ভিতৰলৈকে জিলা প্ৰশাসনে নিৰীক্ষণ জন হিচাপে ঘোষনা কৰিছে। অৱশ্যে আন ফাৰ্মলৈ আফ্ৰিকান চোৱাইন ফিভাৰৰ সংক্ৰমণ ঘটিলে গাহৰি নিধনৰ মৰ্মান্তিক ঘটনা সংঘটিত হোৱাৰ শংকা প্ৰকট হৈ পৰিছে। একাংশ নিৱনুৱাই স্বাৱলম্বী হ’বলৈ গাহৰি পালন কৰাৰ সময়তে আফ্ৰিকান চোৱাইন ফিভাৰে ৰাম টাঙোন শোধাব বুলিও একাংশই মত ব্যক্ত কৰিছে। পশু চিকিৎসা বিভাগৰ এক সুত্ৰ মতে প্ৰতাপগড়ৰ ব্যক্তিগত ফাৰ্মখন সম্প্ৰতি নিৰীক্ষণত আছে আৰু ইয়াৰ পৰা সংক্ৰমণৰ পথ ৰোধ কৰা হৈছে।