গুৱাহাটী, ছেপ্তেম্বৰ ২৪, ২০২৩ : জীৱনৰ ছন্দ আৰু ফুটবলৰ (Football) ৰোমাঞ্চেৰে ব্যাকুল গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ’বলৈ গৈ আছে ইণ্ডিয়ান ছুপাৰ লীগ (Indian super league )ৰ এখন খেল। অহা ২৪ ছেপ্টেম্বৰত গুৱাহাটীৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মুম্বাই চিটি এফ চিৰ বিৰুদ্ধে নৰ্থইষ্ট ইউনাইটেড এফ চিৰ প্ৰথমখন ঘৰুৱা খেল। ঘৰুৱা দলটোৰ প্ৰথমখন খেলৰ সময়তে নৰ্থইষ্ট ইউনাইটেড এফ চিক সমৰ্থন জনাবলৈ এক ব্যতিক্ৰমী ৰূপেৰে আগবাঢ়িছে হাইলেণ্ডাৰ ব্ৰিগেড।

নৰ্থইষ্ট ইউনাইটেড এফ চিৰ অটল সমৰ্থনৰ বাবে পৰিচিত হাইলেণ্ডাৰ ব্ৰিগেডে প্ৰিয় দলটোৰ সমৰ্থনৰ লগতে মাতৃভূমিৰ ঐতিহ্য প্ৰদৰ্শনৰ বাবে সাজু কৰি তুলিছে ১২,৩৭৫ বৰ্গফুটৰ হাতেৰে নিৰ্মিত টিফো। উল্লেখ্য যে, এই টিফো হ’ব এছিয়াৰ সৰ্ববৃহৎ হস্তনিৰ্মিত টিফো। হাইলেণ্ডাৰ ব্ৰিগেডে কয় যে এই টিফো কেৱল শিল্পকৰ্মই নহয়, ফুটবলৰ প্ৰতি তেওঁলোকৰ ভালপোৱা আৰু ঘৰুৱা দলটোৰ প্ৰতি থকা বিশ্বাসৰ প্ৰতীক হ’ব। এই বিশাল টিফোখনৰ দৈৰ্ঘ্য হৈছে ১৬৫ ফুট আৰু উচ্চতা ৭৫ ফুট।

হাইলেণ্ডাৰ ব্ৰিগেডে জানিবলৈ দিয়া মতে, এই কীৰ্তিচিহ্নস্বৰূপ নিখুঁত টিফোটি সাজি উলিয়াবলৈ ১৫ দিনৰ প্ৰয়োজন হৈছিল। জটিল অংকনৰ পৰা আৰম্ভ কৰি স্পন্দনশীল চিত্ৰকলালৈকে, আনকি টিফোত ব্যৱহাৰ কৰা কাপোৰৰ চিলাইলৈকে প্ৰতিটো সৰু সৰু বিষয় নিখুঁতভাৱে কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। হাইলেণ্ডাৰ বিগ্ৰেডে কয়, “গোটেই প্ৰক্ৰিয়াটোত আমি বহু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলো। টিফোৰ বিশাল আকাৰৰ বাবে যথেষ্ট বহল ঠাই বিচাৰি উলিওৱাটো এটা ডাঙৰ প্ৰত্যাহ্বান আছিল। কিন্তু এন ই ইউ এফ চিয়ে আমাক ষ্টেডিয়ামতে টিফো প্ৰস্তুত কৰিবলৈ দি আমাক যথেষ্ট সকাহ দিছিল। যোৱা কেইদিনমানৰ পৰা সৰুসজাই ষ্টেডিয়ামত টিফোৰ কাম চলি আছিল যদিও গুৱাহাটীত অবিৰতভাৱে দি থকা বৰষুণৰ বাবে আমি প্ৰায় ৬০ কেজি ওজনৰ টিফোটি গুৱাহাটীৰ পৰা বঙাইগাঁৱৰ অভয়াপুৰীলৈ স্থানান্তৰিত কৰিব লগা হয়। এতিয়া অভয়াপুৰীত থকা আমাৰ সদস্যসকলে দিনে-নিশাই কাম কৰি সকলো সময়মতে সম্পূৰ্ণ কৰি তুলিছে। বঙাইগাঁৱৰ অভয়াপুৰীত আমাক টিফোৰ কাম সম্পূৰ্ণ কৰিবলৈ ঠাইৰ ব্যৱস্থা কৰি দিয়াৰ বাবে আমি অভয়াপুৰী কলা পৰিষদ ভৱনলৈও আমাৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।”

হাইলেণ্ডাৰ ব্ৰিগেডে এই টিফো প্ৰস্তুত কৰাৰ উদ্দেশ্য সম্পৰ্কে কয়, “ফুটবলৰ খেলৰ প্ৰতি থকা আমাৰ অঞ্চলৰ আবেগ, প্ৰেম আৰু সংহতিৰ পৰিৱেশ তথা বিশ্বৰ শীৰ্ষ ফুটবলপ্ৰেমী ৰাষ্ট্ৰসমূহৰ সৈতে মিলনযোগ্য অনুৰাগময় সংস্কৃতি গঢ়ি তোলাৰ লক্ষ্যৰে আমি এই টিফো প্ৰস্তুত কৰিছো। টিফোৰ বাবে স্ব-পুঁজি প্ৰদানৰ পৰা আৰম্ভ কৰি প্ৰয়োজনীয় কলাকৰ্ম প্ৰস্তুত কৰা, বৰষুণৰ বাধা নেওচি গুৱাহাটীৰ পৰা ২০০ কিলোমিটাৰ নিলগলৈ টিফোৰ প্ৰস্তুতিৰ কাম স্থানান্তৰিত কৰালৈকে প্ৰতিটো মুহূৰ্ততে আমাৰ সদস্যসকলে অক্লান্ত পৰিশ্ৰম কৰিছে। তেওঁলোকৰ পৰিশ্ৰমেই আমাৰ মনত এই বিশ্বাসৰ সৃষ্টি কৰিছিল যে আমি সঠিক বাটেৰেই গৈ আছো। ধুমুহা আহক বা বৰষুণ, সকলো বাধা অতিক্ৰম কৰি ফুটবলৰ মঞ্চত আমাৰ ঐতিহ্য প্ৰদৰ্শনৰ বাবে আমি আমাৰ সৰ্বস্ব উজাৰি দিবলৈ প্ৰতিমুহূৰ্ততে সাজু হৈ আছো।’’

লগতে পঢ়ক: NF Railway : ৬৯ তম সৰ্বভাৰতীয় আন্তঃৰে’লৱে টেবুল টেনিছ চেম্পিয়নশ্বিপৰ সামৰণি