আজিজ আলী

মুকালমুৱা : বিদ্যুৎৰ অভাৱত অচল এটা চৰকাৰী কাৰ্যালয়। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়টো বিদ্যুৎৰ অভাৱত অচল হৈ পৰিছে। বিদ্যুৎৰ বিল পৰিশোধ নকৰাৰ বাবে বিদ্যুৎ বিভাগে চৰকাৰী কাৰ্যালয়টোৰ বিদ্যুৎ যোগান কৰ্তন কৰিছে।

আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভালৰ লেখীয়া অৱস্থাত হৈছে এটা বিয়াগোম চৰকাৰী কাৰ্যালয়ৰ। বিদ্যুৎৰ অভাৱত অচল হৈ পৰিছে বিয়াগোম চৰকাৰী কাৰ্যালয়টো। বিদ্যুৎৰ অভাৱত বৰক্ষেত্ৰী সমষ্টিৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়টোৰ কাম কাজ স্থবিৰ হৈ পৰিছে।

প্ৰায় ৭ লাখ মান টকা বিদ্যুৎৰ বিল হোৱা বাবে বিদ্যুৎ বিভাগে কৰ্তন কৰিছিল এই চৰকাৰী কাৰ্যালয়টিৰ বিদ্যুৎ সংযোগ। ফলত বিদ্যুতৰ অভাৱত আৰু উৎকট গৰমত কৰ্মচাৰীসকলে কাম কৰিব নোৱাৰা হৈ পৰিছে।