গুৱাহাটী : ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ নামত আৰম্ভ হৈছে গছ কটা কাৰ্য। ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ নামত গছ কটাকলৈ যুৱক-যুৱতী সকলৰ প্ৰতিবাদ। হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ গছ কটাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে একাংশ প্ৰকৃতি প্ৰেমী যুৱক-যুৱতীয়ে। উন্নয়ন লাগিব কিন্ত গছ কাটি আমাক উন্নয়ন নালাগে বুলি মন্তব্য প্ৰকৃতি প্ৰেমী যুৱক-যুৱতী সকলৰ।

মহানগৰী গুৱাহাটীত দিনক দিনে বৃদ্ধি পাইছে যান-বাহনৰ সংখ্যা। যান-বাহনৰ সংখ্যা বৃদ্ধি পোৱাত মহানগৰী গুৱাহাটীত দেখিবলৈ পোৱা যায় তীব্ৰ যানযঁত। ঘন্টাৰ পিছত ঘন্টা ধৰি মহানগৰবাসী ৰাজপথত আৱদ্ধ হৈ থাকিব লগীয়া হয় যানযঁতৰ বাবে। চৰকাৰে যানযঁতৰ সমস্যা ৰোধ কৰাৰ বাবে মহানগৰীৰ পথ সমূহ বহল কৰাৰ লগতে উৰণীয়া সেঁতু নিৰ্মাণৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে।

ইতিমধ্যে মহানগৰীত নিৰ্মাণ কৰা হৈছে কেইবাখনো উৰণীয়া সেঁতু। বৰ্তমানেও কেইবাখনো উৰণীয়া সেঁতুৰ নিৰ্মাণ কাৰ্য চলি থকাৰ লগতে কেইবাখনো উৰণীয়া সেঁতু নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে। উৰণীয়া সেঁতু নিৰ্মাণৰ লগতে মহানগৰীৰ পথ সমূহ বহল কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে চৰকাৰে। উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে ইতিমধ্যে কাটিব লগীয়া হৈছে গছ। বৰ্তমান জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ কাম আৰম্ভ হৈছে।ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ বাবেও কাটিব লগীয়া হৈছে বহু গছ।

ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা বহু গছ কাটি পেলোৱা হৈছে। চৰকাৰী হিচাপ অনুসৰি জালুকবাৰীৰ পৰা খানাপাৰালৈ ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ বাবে প্ৰায় ২ হাজাৰ গছ কাটিব লাগিব।ইমান সংখ্যক গছ কটাকলৈ জাঙুৰ খাই উঠিছে ফ্ৰাই’ডে ফিউটাৰ নামৰ এটা বেচৰকাৰী সংগঠনৰ প্ৰকৃতি প্ৰেমী যুৱক-যুৱতী সকল। গছ কটাৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে এই প্ৰকৃতি প্ৰেমী যুৱক-যুৱতী সকল। শনিবাৰে প্ৰকৃতি প্ৰেমী যুৱক-যুৱতী সকলে ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰাৰ নামত গছ কটাৰ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰে যুৱক-যুৱতী সকলে। প্ৰতিবাদকাৰী যুৱক-যুৱতী সকলে কয় যে আমাক উন্নয়ন লগে কিন্তু গছ কাটি আমাক কোনো কাৰণতে উন্নয়ন নালাগে। চৰকাৰে ইতিমধ্যে উন্নয়নৰ নামত বহু গছ কাটি পেলাইছে। চৰকাৰে ইচ্ছা কৰিলে এই গছ সমূহ ৰক্ষা কৰিব পাৰিলেহেতেন কিন্তু চৰকাৰে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে বুলিও মন্তব্য কৰি ক্ষোভ প্ৰকাশ কৰে প্ৰকৃতি প্ৰেমী যুৱক-যুৱতী সকলে।