ৰংজুলি : পুনৰ কৰুণ মৃত্যু এটা বনৰীয়া হাতীৰ পোৱালিৰ। বোকাত আৱদ্ধ হৈ কৰুণ মৃত্যু দুমহীয়া হাতীৰ পোৱালিৰ। নিশা পথাৰত ধান খাবলৈ অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকৰ লগত আহিছিল দুমহীয়া পোৱালিটো। ঘটনাস্থলীত বন বিভাগৰ লোক উপস্থিত।

ৰাজ্যত দিনক দিনে অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে হাতী আৰু মানুহৰ সংঘাত। ৰাজ্য কেইবাখনো জিলাত প্ৰায়ে হাতী আৰু মানুহৰ মাজত সংঘাতৰ দেখিবলৈ পোৱা যায়। সঘনাই হাতী আৰু মানুহৰ মাজত সংঘাত দেখিবলৈ পোৱা জিলা সমূহৰ ভিতৰত গোৱালপাৰা জিলা অন্যত। বিগত কিছু বছৰ ধৰি গোৱালপাৰা জিলাত বনৰীয়া হাতী আৰু মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধৰণ কৰিছে।

বনাঞ্চল ধ্বংসৰ ফলত গোৱালপাৰা জিলাৰ মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতীৰ উপদ্ৰব দিনক দিনে বৃদ্ধি পাই অহা পৰিলক্ষিত হৈছে। জিলাখনৰ অসম-মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহত বনৰীয়া হাতীৰ আক্ৰমণত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে। অঞ্চল সমূহত সুৰক্ষিত নহয় বনৰীয়া হাতীও। ইতিমধ্যে বহু বনৰীয়া হাতিৰো কৰুণ মৃত্যু ঘটিছে।

খাদ্যৰ সন্ধানত বানাঞ্চল পৰা ওলাই অহা পুনৰ এটা বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটিছে গোৱালপাৰা জিলাত। ৰংজুলিৰ চেঁচাপানীৰ বাইনপাৰাত ঘটিছে এই শোকাবহ ঘটনা। বনৰীয়া হাতীৰ এটা দুমহীয়া পোৱালি মৃত্যুৰ মুখত পৰিছে। নিশা পথাৰত ধান খাবলৈ অহা বনৰীয়া হাতীৰ এটা বৃহৎ জাকৰ লগত আছিল দুমহীয়া পোৱালিটো।

পথাৰত খাৱৈত পৰি হাতীৰ পোৱালিটো আৱদ্ধ হৈ পৰে। খাৱৈৰ বোকাত আৱদ্ধ হৈ বহু সময় ধৰি মৃত্যু যন্ত্ৰণাত চটফটাই অৱশেষত মৃত্যু ঘটে হাতীৰ পোৱালিটো। ঘটনাস্থলীত ৰংজুলি আঞ্চলিক বন বিভাগৰ লোক উপস্থিত হৈ হাতীৰ পোৱালিটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। হাতীৰ পোৱালিটোৰ কৰুণ মৃত্যুৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।