অলি উল্লা খান
লাহৰীঘাট : বিধ্বংসী অগ্নিকাণ্ডত (Fire Incident) জাহ গ’ল কেইবা লক্ষাধিক টকাৰ সম্পত্তি। সমাজসেৱকৰ বাসগৃহ ভস্মীভূত। সমাজসেৱকজনৰ সকলো নথিপত্ৰ আৰু নদগ ধনো জুইত জাহ যায়। স্থানীয় ৰাইজৰৰ তৎপৰতা নিৰ্বাপন হয় জুই।

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নগাবন্ধাত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ সম্পত্তি জুই জাহ যায়। মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত নগাবন্ধা গাঁও পঞ্চায়তৰ ৩ নং ৱাৰ্ড সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

বিধ্বংসী অগ্নিকাণ্ডত নগাবন্ধা গাঁও পঞ্চায়তৰ সমাজসেৱক ৰিয়াজ উদ্দিন খানৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। অগ্নিকাণ্ডত ৰিয়াজ উদ্দিন খানৰ সকলো নথিপত্ৰৰ লগতে নগদ ধনো জাহ যায়। অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ লগে লগে স্থানীয় ৰাইজে তৎপৰতাৰে জুই নিৰ্বাপন কৰে যদিও ৰিয়াজ উদ্দিন খানৰ বাসগৃহ ৰক্ষা কৰিবলৈ সক্ষম নহয়।

অগ্নিকাণ্ডৰ খবৰ পাই অগ্নি নিৰ্বাপক বাহিনীৰ দুটা গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী অহাৰ পূৰ্বেই স্থানীয় ৰাইজে জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে।