গুৱাহাটী, ২ জুলাইঃ  আজি বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস পালন কৰে অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েছনে৷ ক্ৰীড়া সাংবাদিক দিৱস উপলক্ষ্যে সাংবাদিকৰ সংগঠনটোৱে প্ৰবীন ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাক বাসগৃহত সম্বৰ্ধনা জনায়৷ সম্বৰ্ধনা অনুষ্ঠানটোত অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েছনৰ সভাপতি জয়ন্ত দাস আৰু সাধাৰণ সম্পাদক বিপুল বৰ্মন, জ্যেষ্ঠ সাংবাদিক পুলিন সাহাৰ লগতে বিশিষ্ট ক্ৰীড়া সাংবাদিক বিষ্ণুৰাম নুনিচা উপস্থিত থাকে। বিশ্ব ক্ৰীড়া সাংবাদিক দিৱসৰ দিনা সম্বৰ্ধনা লাভ কৰি অভিভূত হৈ পৰে প্ৰেমধৰ শৰ্মা। অসম ইলেকট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছ’চিয়েছনে প্ৰেমধৰ শৰ্মাক শীঘ্ৰে ক্ৰীড়া সাংবাদিক পেন্সন দিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায়।