মানকাচৰ : খহনীয়া (Erosion) প্ৰতিৰোধৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ। ৫০ লাখ টকাৰ খহনীয়া প্ৰতিৰোধৰ কাম ৫০ গাড়ী পাথৰ পেলাই শেষ কৰিলে। ধনৰ অভাৱত ৫০ গাড়ী পাথৰ পেলাই কাম শেষ কৰাৰ অভিযোগ ৰাইজৰ। ক্ষোভিত ৰাইজৰ প্ৰতিবাদ সাব্যস্ত।

কাম আছিল ৫০ লাখ টকাৰ, কিন্তু ৫০ গাড়ী পাথৰ পেলাই কাম শেষ। ৫০ গাড়ী পাথৰ পেলাই শেষ কৰিলে ৫০ লাখ টকা। উত্তেজিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি খহনীয়া প্ৰতিৰোধৰ কাম পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে। লগতে ৫০ লাখ টকাত মাত্ৰ ৫০ গাড়ী পাথৰ পেলাই কাম শেষ কৰাৰ তদন্তৰো দাবী জনাইছে। দক্ষিণ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কোকৰাডাঙা অঞ্চলত খহনীয়া প্ৰতিৰোধৰ কামত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

ভাৰত-বাংলাদেশ সীমান্তবৰ্তী কোকৰাডাঙা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই তাণ্ডৱলীলা অব্যাহত ৰাখিছে। আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰ, সীমান্ত সুৰক্ষা বাহিনীৰ কেম্পৰ লগতে সীমান্তত থকা পথৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াই। অঞ্চলটোত ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ ফলত পৰিস্থিতি অধিক অৱনতি ঘটাৰ বাতৰি বিভিন্ন সময়ত সংবাদ মাধ্যমত প্ৰকাশ পাই আছে। অৱশেষত সংবাদ মাধ্যমৰ বাতৰিৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়।

জিলা পৰিষদে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰথম পৰ্যায়ত এম জি এনৰেগা আঁচনিৰ অধীনত প্ৰায় ৫০ লাখ টকাৰ অবন্টন দিয়ে। জিলা পৰিষদৰ সভানেত্রী মেৰিনা খান, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া এফ আৰ লস্কৰ আৰু ফেকামাৰী খণ্ড উন্নয়ন বিষয়া তুলসী ৰঞ্জন কলিতাই খহনীয়া প্ৰতিৰোধৰ কামৰ আধাৰশিলা স্থাপন কৰি কাম আৰম্ভ কৰে। কিন্তু ৫০ লাখ টকাৰ কামত মাত্ৰ ৫০ গাড়ী পাথৰ পেলাই ৰহস্যজনকভাৱে কাম বন্ধ কৰি ৰখা পৰিলক্ষিত হৈছে। ফলত অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছে।

ক্ষোভিত স্থানীয় ৰাইজে ব্ৰহ্মপুত্ৰ নদীৰ পাৰত একত্ৰিত হৈ জিলা পৰিষদৰ সভানেত্রীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি কিয় কাম বন্ধ কৰি ৰখা হৈছে ইয়াৰ তদন্তৰ দাবী জনায়। আন্তৰাষ্ট্ৰীয় সীমান্তৰ খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী জনায় স্থানীয় ৰাইজে। উল্লেখ্য যে সীমান্তত খহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে ভাৰত-বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাঁৰৰ বেৰৰ লগতে বহু পৰিয়ালৰ ঘৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱা পৰিলক্ষিত হৈছে। ৰাইজে অতি শীঘ্ৰে খহনীয়া প্ৰতিৰোধৰ কাম পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে।