নিউজ ডেস্ক : অৱশেষত কংগ্ৰেছে লাভ কৰিলে নতুন সভাপতি (Congress President)। ৮০ বছৰীয়া মল্লীকাৰজুন খৰ্গে কংগ্ৰেছৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হ’ল। শশী থাৰুৰক বিপুল ভোটৰ ব্যৱধানত পৰাস্ত কৰিলে মল্লীকাৰজুন খৰ্গে। মল্লীকাৰজুন খৰ্গে ৭৮৯৭ টা ভোট লাভ কৰাৰ বিপৰীতে শশী থাৰুৰে মাত্ৰ ১০৭২ টা ভোটহে লাভ কৰিলে।

কংগ্ৰেছৰ নতুন সভাপতি নিৰ্বাচনত মুঠ ৯৪৯৭ টা ভোট প্ৰদান কৰা হৈছিল। এইবাৰ দলটোৰ সভাপতিৰ পদৰ বাবে গান্ধী পৰিয়ালৰ কোনো সদস্যই প্ৰতিদ্বন্দিতা কৰা নাই। যোৱা ২৪ বছৰত প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ বাহিৰৰ কোনো নেতাই কংগ্ৰেছ দলৰ সভাপতি পদৰ অধিষ্ঠিত হৈছে। ইয়াৰ পূৰ্বে কংগ্ৰেছ দলত গান্ধী পৰিয়ালৰ বাহিৰৰ সভাপতি আছিল সীতাৰাম কেছাৰী। মল্লীকাৰজুন খৰ্গে কংগ্ৰেছ দলৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হোৱাত মল্লীকাৰজুন খৰ্গেৰ সমৰ্থক সকলৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।

ইতিমধ্যে কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত মল্লীকাৰজুন খৰ্গেৰ সমৰ্থ সকলে ঢোল বজাই বিজয়ৰ উদযাপন আৰম্ভ কৰিছে।মল্লীকাৰজুন খৰ্গে কংগ্ৰেছ দলৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতে কংগ্ৰেছ দলৰ কেইবাগৰাকী নেতাই মল্লীকাৰজুন খৰ্গেক সাক্ষাৎ কৰি অভিনন্দন জ্ঞাপন কৰিছে। কংগ্ৰেছ দলৰ সভাপতি পদৰ বাবে মল্লীকাৰজুন খৰ্গেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰা শশী থাৰুৰেও মল্লীকাৰজুন খৰ্গেক অভিনন্দন জ্ঞাপন কৰিছে।

মল্লীকাৰজুন খৰ্গে কংগ্ৰেছ দলৰ অন্যতম জ্যেষ্ঠ নেতা। ৮০ বছৰীয়া মল্লীকাৰজুন খৰ্গে বহু দশক ধৰি সক্ৰিয় ৰাজনীতিৰ লগত জড়িত হৈ আছে। মল্লীকাৰজুন খৰ্গেক গান্ধী পৰিয়ালৰ অতিকৈ ঘনিষ্ঠ বুলি গণ্য কৰা হয়। ৰাজনীতিলৈ অহাৰ পূৰ্বে মল্লীকাৰজুন খৰ্গে অধিবক্তা আছিল। ১৯৬৯ চনত প্ৰথমবাৰৰ বাবে কৰ্ণাটকৰ গুলবৰ্গা চিটি কংগ্ৰেছৰ সভাপতি হৈছিল মল্লীকাৰজুন খৰ্গে। ইয়াৰ পিছত ১৯৭২ চনত প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈ বিধানসভালৈ যায় মল্লীকাৰজুন খৰ্গে।

১৯৭২ চনৰ পৰা ২০০৯ চনলৈ মুঠ ৯ বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে মল্লীকাৰজুন খৰ্গে। ১৯৭৬ চনত মল্লীকাৰজুন খৰ্গে প্ৰথমবাৰৰ বাবে কৰ্ণাটকত কেবিনেট মন্ত্ৰীৰ মৰ্যদা লাভ কৰিছিল। ১৯৮৮ চনত কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ উপ-সভাপতি হিচাপে নিযুক্তি লাভ কৰিছিল মল্লীকাৰজুন খৰ্গে। ২০০৫ চনত মল্লীকাৰজুন খৰ্গে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি হিচাপে নিৰ্বাচিত হিছিল।