নগাঁও, ৬ ডিচেম্বৰ, ২০২৩ : পুনৰ আৰক্ষীৰ গুলী চালনা (Police Firing)। কুখ্যাত ডকাইতক লক্ষ্য কৰি পুনৰ আৰক্ষীৰ গুলী চালনা। আৰক্ষীৰ গুলীত গুৰুত্বৰভাৱে আহত ডকাইতজন। আৰক্ষীক গুলীয়াবলৈ লওঁতে আৰক্ষীয়ে ডকাইতজনক লক্ষ্য কৰি গুলী চালনা কৰিবলৈ বাধ্য হয়। ডকাইতজনৰ দুয়োখন ভৰিত লাগিছে আৰক্ষীৰ গুলী। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি গুলীবিদ্ধ কুখ্যাত ডকাইতজন।

অপৰাধীক লক্ষ্য কৰি অব্যাহত আছে আৰক্ষীৰ গুলী চালনা। এইবাৰ নগাঁও আৰক্ষীয়ে গুলীয়ালে এজন কুখ্যাত ডকাইতক। আৰক্ষীৰ গুলী লাগি আহত হৈছে ওমৰ ফাৰুক নামৰ এজন কুখ্যাত ডকাইত। মঙলবাৰে নিশা নগাঁৱৰ ৰূপহীহাটত নগাঁও আৰক্ষীয়ে কুখ্যাত ডকাইত ওমৰ ফাৰুকক লক্ষ্য কৰি গুলী চালনা কৰে। জানিব পৰা মতে, এক গোপন খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে ডকাইতৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা সময়ত ওমৰ ফাৰুক নামৰ কুখ্যাত ডকাইতজনে আৰক্ষীৰ দলটোক লক্ষ্য কৰি গুলী চালনা কৰে।

ইয়াৰ পিছতে আৰক্ষীৰ দলটো বাধ্য হৈ কুখ্যাত ডকাইত ওমৰ ফাৰুকক লক্ষ্য কৰি গুলী চালনা কৰে। আৰক্ষীৰ গুলী লাগি গুৰুত্বৰভাৱে আহত হয় কুখ্যাত ডকাইতজন। ইয়াৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ কুখ্যাত ডকাইত ওমৰ ফাৰুকক নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে যদিও বুধবাৰে পুৱা প্ৰায় ৭.৩০ বজাত ডকাইতজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল লৈ প্ৰেৰণ কৰা হয়।

জানিব পৰা মতে, কুখ্যাত ডকাইত ওমৰ ফাৰুকৰ দুয়োখন ভৰিত আৰক্ষীৰ গুলী লাগিছে। চিকিৎসাকে জানিবলৈ দিয়ে মতে গুলীবিদ্ধ ডকাইতজন সম্প্ৰতি সংকটমুক্ত। নিশা প্ৰায় ২.৪০ বজাত নগাঁও জিলাৰ ৰূপহীহাটৰ বেলগুৰিত সংঘটিত হয় এই গুলীয়াগুলীৰ ঘটনা। আৰক্ষীয়ে কুখ্যাত ডকাইত ওমৰ ফাৰুকৰ কবলৰ পৰা পিষ্টল আৰু দুই জাঁই গুলী উদ্ধাৰ কৰিছে। আৰক্ষী আৰু ডকাইতৰ মাজত হোৱা এই গুলীয়াগুলীৰ ঘটনাই সমগ্ৰ বেলগুৰি অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে মহানগৰীৰ আমিনগাঁৱৰ আজ্ঞাঠুৰীত এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল। ড্ৰাগছ সৰবৰাহকাৰী আৰু আৰক্ষীৰ মাজত হোৱা এই গুলীয়াগুলীৰ ঘটনাত এজন ড্ৰাগছ সৰবৰাহকাৰী থিতাতে নিহত হৈছিল। আনহাতে ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত আহত হৈছিল এগৰাকী মহিলা কনষ্টিবল। এজন ড্ৰাগছ সৰবৰাহকাৰী আৰু এজন সাধাৰণ নাগৰিকো গুলীবিদ্ধ হৈছিল উক্ত গুলীয়াগুলীৰ ঘটনাত।