গুৱাহাটী, ১৯ জুলাই, ২০২৩ : এক আৰ টি আই তথ্যত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰৰ বুলি দায় সৰা মন্তব্য দিয়া কাৰ্যত আম আদমি পাৰ্টীয়ে (Aam Admi Party) আচাৰ্য প্ৰকাশ কৰিছে। অসমৰ খিলঞ্জীয়াৰ ৰাজনৈতিক সুৰক্ষাৰ প্ৰতি বিজেপি যে ইচ্ছুক নহয়, এই কাৰ্যই পুনৰ প্ৰমাণ কৰিলে বুলি অভিযোগ আম আদমি পাৰ্টীৰ।

আম আদমি পাৰ্টীৰ এক বিবৃতিত দলটোৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীয়ে কয় যে বিজেপিৰ অসম প্ৰীতিৰ স্বৰূপ অসমৰ জনতাই বুজি পাইছে। যোৱা সাত বছৰত অসমৰ খিলঞ্জীয়া লোকসকলৰ ৰাজনৈতিকভাৱে সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে এটা কামো বিজেপিয়ে নকৰিলে। ইয়াৰ বিপৰীতে ‘কা’ৰ দৰে আইন আনি হিন্দু বাংলাদেশীক সুৰক্ষা প্ৰদান কৰিলে আৰু শেহতীয়াকৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে তেনে লোকক ৰাজনৈতিকভাৱে সুৰক্ষিত কৰাৰ চেষ্টা কৰিছে। আম আদমি পাৰ্টী অসমত বসবাস কৰা সকলো লোকৰ সুৰক্ষা পক্ষত আছে। কিন্তু এনে সুৰক্ষা খিলঞ্জীয়াৰ অধিকাৰ খৰ্ব কৰি দিয়াত আমাৰ আপত্তি আছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আৰ টি আইৰ উত্তৰত অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰী কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰলৈ ঠেলি দিয়া কাৰ্যক আপে বিজেপি চৰকাৰৰ দায়িত্বহীনতা আৰু ল’ৰামতীয়া কাম বুলি অভিহিত কৰে। কাৰণ ছয় নং দফাত থকা অসমীয়াৰ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সংবিধান সংশোধন কৰিব লাগিব আৰু এই কাম একমাত্ৰ কেন্দ্ৰীয় চৰকাৰেহে কৰিব পাৰিব। ই কেতিয়াও ৰাজ্য চৰকাৰৰ বিষয় নহয়। ইয়াৰ পাছতো সমগ্ৰ বিষয়টো ৰাজ্য চৰকাৰলৈ ঠেলি দিয়াত বিজেপিৰ যে অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে কোনো ব্যৱস্থা নলয় বা লোৱাৰ ইচ্ছা নাই, সেই কথাই প্ৰতিপন্ন কৰিলে বুলি বিবৃতিযোগে আম আদমি পাৰ্টীয়ে অভিযোগ কৰে।

অসম আন্দোলনত ৮৫৫ গৰাকী ছহিদৰ ৰঙা তেজৰ বিনিময়ত স্বাক্ষৰিত হৈছিল অসম চুক্তি। বিজেপিয়ে এই চুক্তিক লৈ কৰা ল’ৰা ধেমালিয়ে অকল চুক্তিখনকে অবমাননা কৰা নাই, ই ছহিদৰ কেঁচা তেজক চূড়ান্তভাৱে অপমানিত কৰিছে বুলি কয় আপে। আম আদমি পাৰ্টীয়ে পুনৰ দৃঢ়তাৰে কয় যে অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ বাবে বিজেপিয়ে কেতিয়াও কাম নকৰে আৰু ইতিমধ্যে দলটোৰ খিলঞ্জীয়াবিৰোধী স্বৰূপ ৰাইজে বুজি উঠিছে।