আজিজ আলী

মুকালমুৱা : বৰ্তমানেও ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সন্ধনহীন হৈ আছে ঋত্বিক বৰ্মন নামৰ ছাত্ৰজন। দ্বিতীয় দিনাও সন্ধান পোৱা নগ’ল ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ঋত্বিক বৰ্মন নামৰ ছাত্ৰজনৰ। গৰু বিহুৰ দিনা ব্ৰহ্মপুত্ৰ নদীত সন্ধানহীন হৈছিল ঋত্বিক বৰ্মন ছাত্ৰজন।

গৰু বিহুৰ দিনাই নলবাৰী জিলাৰ মুকালমুৱাৰ ২ নং কাপলাবড়ীৰ ঋত্বিক বৰ্মন নামৰ এজন ছাত্ৰ ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সন্ধানহীন হৈছিল। গৰু বিহুৰ দিনা গাঁৱৰ ৰাইজে বহ্মপুত্ৰ নদীত গৰু ধুৱাবলৈ যোৱা সময়তে ঋত্বিক বৰ্মন আৰু চুমন বৰ্মন নামৰ দুজন ছাত্ৰ একেলগে বহ্মপুত্ৰ নদীত গা ধুবলৈ গৈছিল।

ব্ৰহ্মপুত্ৰ নদীত দুয়োজন ছাত্ৰ গা ধুই থকা অৱস্থাত হঠাৎ বহ্মপুত্ৰ নদীত সোঁতত দুয়োজন ছাত্ৰ উটি যাবলৈ ধৰাত স্থানীয় লোকে চুমন বৰ্মন নামৰ ছাত্রজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও ঋত্বিক বৰ্মন উদ্ধাৰ কৰিবলৈ সক্ষম নহয়। ইয়াৰ পিছতে ঘটনাস্থলী এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে ছাত্ৰজনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

বর্তমানেও ছাত্ৰজনক উদ্ধাৰ কৰিব পৰা হোৱা নাই। স্থানীয় ৰাইজ, আৰক্ষী প্ৰশাসন তথা এছডিআৰএফ আৰু এনডিআৰএফ বাহিনীয়ে ছাত্ৰজনৰ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ব্ৰহ্মপুত্ৰ নদীৰ সন্ধানহীন হোৱা ঋত্বিক বৰ্মন নামৰ ছাত্ৰজন বৰতলা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল।