মৰিগাঁও : মৰিগাঁৱত মণিপুৰৰ ভূমিস্খলনত নিহতৰ আত্মীয়লৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক প্ৰদান মন্ত্ৰী পীযুষ হাজৰীকা আৰু মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ। লাহৰীঘাট অঞ্চলৰ ১৬ জন নিহতৰ আত্মীয়লৈ ২ লাখ টকাকৈ আৰু ৫ জন আহতলৈ ২৫,০০০ টকাকৈ সাহায্য প্ৰদান। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধতাৰে কাম কৰি আছে বুলি মন্তব্য মন্ত্ৰী হাজৰীকাৰ।

অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সৈতে শেহতীয়াকৈ মণিপুৰৰ তুপুলত ভূমিস্খলনৰ ফলত কৰুণভাৱে মৃত্যক সাৱটি লোৱা মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰৰ কুশতলী অঞ্চলৰ ব্যক্তি সকলৰ আত্মীয় তথা আহত সকললৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা সাহায্যৰ চেক প্ৰদান কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত মন্ত্ৰী দুগৰাকীয়ে অঞ্চলটোত উপস্থিত হৈ ১৬ গৰাকী মৃত ব্যক্তিৰ শোকবিহ্বল আত্মীয়ক ২ লাখকৈ টকাৰ আৰু আন ৫ জন আহত ব্যক্তিক ২৫,০০০ হাজাৰকৈ টকাৰ চেক প্ৰদান কৰে।

মন্ত্ৰী পীযুষ হাজৰীকাই শোকাৰ্ত পৰিয়ালবৰ্গক সান্তনা প্ৰদান কৰি কয় যে অসমৰ জনগণৰ প্ৰতি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দায়বদ্ধ আৰু তেঁওৰ নিৰ্দেশতে।দুয়োজন মন্ত্ৰীয়ে এনেদৰে সাহায্য প্ৰদান কৰিবলৈ আহিছে। আনহাতে মৃত ব্যক্তি সকলৰ পৰিয়ালৰ কিছু সকাহ হোৱাকৈ তেঁওলোকক ৰাজ্য চৰকাৰৰ ‘অৰুণোদয়’ আঁচনিৰ অধীনত সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰিবলৈও মন্ত্ৰী পীযুষ হাজৰীকাই জিলা উপায়ুক্তক আহ্বান জনায়। মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে যে অৰুণোদয় আঁচনিৰ অধীনত মাহিলী ১২৫০ টকাকৈ লাভ কৰি থাকিলে মৃতকৰ পৰিয়ালবৰ্গই কিছু হ’লেও সকাহ লাভ কৰি থাকিব।

উল্লেখযোগ্য যে শেহতীয়াকৈ মণিপুৰত হোৱা ভূমিস্খলনৰ খবৰ পায়েই অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী পীযুষ হাজৰীকাক ঘটনাস্থলীলৈ গৈ অসমৰ ব্যক্তি সকলৰ উদ্ধাৰ অভিযানৰ প্ৰত্যক্ষ তদাৰক কৰিবলৈ নিৰ্দেশ দিছিল। মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশত মন্ত্ৰী হাজৰীকাই ততাতৈয়াকৈ মণিপুৰলৈ গৈ উদ্ধাৰ অভিযানৰ তদাৰক কৰিছিল। মন্ত্ৰী গৰাকীয়ে অসমৰ নিহত সকলৰ মৃতদেহ নিজ নিজ গৃহলৈ অনাৰ ব্যৱস্থা কৰাৰ লগতে আহত সকলক নিজৰ লগতে একেলগে বিমানেৰে ৰাজ্যখনলৈ লৈ আনি স্ব-গৃহলৈ যোৱাৰ সুবিধা কৰি দিছিল। ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েও মন্ত্ৰী পীযুষ হাজৰীকাৰ এনে তৎপৰতাৰ কথা উল্লেখ কৰি ৰাইজৰ প্ৰতি থকা বৰ্তমানৰ চৰকাৰখনৰ আন্তৰিক দায়বদ্ধতাক প্ৰকাশ কৰে।