কলগাছিয়া : কলগাছিয়াত ভয়ংকৰ অগ্নিকাণ্ড। কলগাছিয়া সাপ্তাহিক বজাৰৰ ২০ টাকৈ দোকান ভস্মীভূত অগ্নিকাণ্ডত। বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। প্ৰায় ১ কোটি টকাৰ সম্পত্তি জুইত জাহ যোৱাৰ সন্দেহ।

শনিবাৰে নিশা কলগাছিয়া সাপ্তাহিক বজাৰত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত সাপ্তাহিক বজাৰখনৰ ২০ টাকৈ দোকান ভস্মীভূত হয়। অগ্নিকাণ্ডৰ ফলত প্ৰায় ১ কোটি টকাৰ সম্পত্তি জুইত জাহ যায়। বৈদ্যুতিক বিজুতিৰ ফলত নিশা এই ঘটনা সংঘটিত হয় বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰে।

নিশা বজাৰখনৰ ব্যৱসায়ীসকলে দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছত বৈদ্যুতিক বিজুতিৰ ফলত অগ্নিকাণ্ড সংঘটিত হৈ দোকান সমূহ ভস্মীভূত হয়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগে লগে কলগাছিয়া অগ্নি নিৰ্বাপক বাহিনীয়ে তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।