মানকাচৰ : মানকাচৰৰ আছামকাটাত ড্ৰাগছৰ বিৰুদ্ধে কালাপানী আৰক্ষীৰ অভিযান। বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট, ক’ফ চিৰাফসহ গ্ৰেপ্তাৰ চাৰি ড্ৰাগছ ব্যৱসায়ী। এক গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান। ১,৪৪০ টা নিচাজাতীয় টেবলেট আৰু ৬০ বটল ক’ফ চিৰাফ জব্দ।

দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ মানকাচৰৰ আছামকাটাত আৰক্ষীয়ে এক অভিযান চলাই বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট আৰু ক’ফ চিৰাফসহ চাৰিজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে। কালাপানী আৰক্ষী চকীৰ উপ-পৰিদৰ্শক জয়ন্ত ৰাজখোৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে চাইছিল ড্ৰাগছ বিৰোধী অভিযান।

দেওবাৰে দুপৰীয়া প্ৰায় ১২ বজাত আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত আছামকাটা গাঁৱৰ মনোৱাৰ হক নামৰ এজন লোকৰ ঘৰত অভিযান চলায়। আৰক্ষীৰ অভিযানত মনোৱাৰ হকৰ ঘৰৰ পৰা ১,৪৪০ টা নিচাজাতীয় এছ পি এছ টেবলেট আৰু ৬০ বটল ক’ফ চিৰাফ জব্দ কৰে।অভিযানকাৰী আৰক্ষীৰ দলটোৱে চাৰিজন ড্ৰাগছ ব্যৱসায়ীক ঘৰখনৰ পৰা আটক কৰি আৰক্ষী চকীলৈ আনে।

ইতিমধ্যে চাৰিওজন ড্ৰাগছ ব্যৱসায়ীক আৰক্ষীয়ে জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে।।ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে আছামকাটা গাঁৱৰ ইমান আলীৰ পুত্ৰ মনোৱাৰ হক, পানকাটা গাঁৱৰ হাৰান আলীৰ পুত্ৰ বাদশা মিঞা, দয়াৰচৰ গাঁৱৰ ছকেৰ আলীৰ পুত্ৰ ময়নাল হক আৰু উৰাৰভূঁই গাঁৱৰ অখিৰুল ইছলামৰ পুত্ৰ মনিৰুল হক বুলি চিনাক্ত কৰা হৈছে।