নুৰ উদ্দিন

বিলাসীপাৰা : বিধ্বংসী অগ্নিকাণ্ডত (Fire Incident) জাহ গ’ল কেইবা লক্ষাধিক টকাৰ সম্পত্তি। চাৰিজনকৈ লোকৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত। ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড।

এক বিধ্বংসী অগ্নিকাণ্ডত গৃহহীন হৈ পৰিল চাৰিটাকৈ পৰিয়াল। ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ ঘটি সূত্ৰপাত হোৱা অগ্নিকাণ্ডত চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰ জুইত জাহ যায়। বিধ্বংসী অগ্নিকাণ্ডত গৃহহীন হৈ পৰা পৰিয়াল কেইটাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত কদমতোলা দ্বিতীয় খণ্ড গাঁৱত গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। সোমবাৰে নিশাৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। বিধ্বংসী অগ্নিকাণ্ডত হজৰত আলী, সাহ আলম, আব্দুল মান্নাত আৰু শ্বেখ ছৈয়দ আহমেদৰ চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

পৰিয়াল কেইটাৰ প্ৰয়োজনীয় সকলো নথিপত্ৰ, ভঁৰালৰ ধান আৰু বিভিন্ন সামগ্ৰী জুইত জাহ যোৱাত পৰিয়াল কেইটাৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অগ্নিকাণ্ডৰ ফলত পৰিয়াল কেইটাৰ প্ৰায় দহ লক্ষাধিক টকা ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ খবৰ পাই বিলাসীপাৰা অগ্নি নিৰ্বাহক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ পিছত জুই নিৰ্বাপন কৰে। ইফালে অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল কেইটাক আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ অসম চৰকাৰক দাৱী জনাইছে ভাৰতীয় জনতা পাৰ্টীৰ নায়েৰ আলগা ব্লক মণ্ডলৰ সভাপতি মইনুল হকে।