ৰঙিয়া : ভগৱান, কোৰাণ, মহাভাৰতৰ শপত খালে (Swear) বসন্ত ছাৰে (Basanta Sir)। শপত খাই ছাৰে কলে মাজে মাজে খং উঠিলে ছাত্ৰ-ছাত্ৰী সকলক কোবায় কিন্তু ছাত্ৰ-ছাত্ৰী সকলক কেতিয়াও চোৰ, ডকাইত বুলি সম্বোধন নকৰে। বসন্ত ছাৰে ইংৰাজী পঢ়াব নোৱাৰে বুলিও উত্থাপন হ’ল অভিযোগ।

কামৰূপ জিলাৰ ৰঙিয়াৰ এখন বিদ্যালয়ৰ ছাৰ বসন্ত কুমাৰ বণিয়া। মঙলাবাৰে বিদ্যালয়খনত পাঠদান চলি থকাৰ মাজতে হঠাৎ বসন্ত ছাৰে ভগৱান, কোৰাণ, মহাভাৰতৰ শপত খায়। ভগৱান, কোৰাণ, মহাভাৰতৰ শপত খাই বসন্ত ছাৰে বুজাবলৈ চেষ্টা কৰে যে তেওঁ মাজে মাজে খং উঠিলে ছাত্ৰ-ছাত্রী সকলক কোবায় কিন্তু কেতিয়াও ছাত্ৰ-ছাত্ৰী সকলক চোৰ, ডকাইতৰ লগত তুলনা নকৰে।

ঘটনাটো ৰঙিয়াৰ পীতাম্বৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ। মঙলবাৰে হঠাৎ পীতাম্বৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। বিদ্যালয়খনৰ শিক্ষকে ছাত্ৰ-ছাত্ৰী সকলক চোৰ, ডকাইত বুলি গালি-গালাজ কৰাৰ অভিযোগত বিদ্যালয়খনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষকৰ বিৰুদ্ধে ক্ষুব্ধ হৈ গাঁওবাসীয়ে উত্তাল কৰি তোলে বিদ্যালয়খনৰ চৌহদ।

বিদ্যালয়খনৰ সহকাৰী শিক্ষক বসন্ত কুমাৰ বণিয়াই ছাত্ৰ-ছাত্ৰী সকলক চোৰ, ডকাইতৰ লগত তুলনা কৰাৰ অভিযোগ উত্থাপন কৰি গাঁওবাসীয়ে জবাবদিহি কৰে প্ৰধান শিক্ষয়িত্ৰী আৰু সহকাৰী শিক্ষক গৰাকীক। গাঁওবাসীৰ ৰুদ্ৰৰূপ দেখি সহকাৰী শিক্ষক বসন্ত কুমাৰ বণিয়াই ভগৱান, কোৰাণ, মহাভাৰতৰ শপত খাই কয় খং উঠিলে ছাত্র-ছাত্রী সকলক কোবায় কিন্তু চোৰ, ডকাইত বুলি কেতিয়াও সম্বোধন নকৰে।

বসন্ত ছাৰে শপত খাই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাই থকা সময়তে ছাত্ৰ-ছাত্ৰী আৰু একাংশ অভিভাৱকে অভিযোৰ কৰে যে বসন্ত ছাৰে ইংৰাজী পঢ়াব নোৱাৰে। ইয়ৰে পিছতে মূৰটো বেয়া লাগিছে বুলি কয় বসন্ত ছাৰে আৰু আঁতৰি যায়। ইফালে প্ৰধান শিক্ষয়িত্ৰী গৰাকী প্ৰতিদিনে পলমকৈ বিদ্যালয়লৈ অহাৰ অভিযোগৰ প্ৰত্যুত্তৰ দি প্ৰধান শিক্ষয়িত্ৰী হিমানী কলিতাই কয় যে সদায় পলম নহয়, কেতিয়াবাহে পলম হয়। বিদ্যালয়খনৰ মূল সমস্যা হৈছে বিদ্যালয়খনত শিক্ষকৰ সংখ্যা কাম বুকিও কয় প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে।

প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে ৰাইজক আশ্বাস দিয়ে যে ভৱিষ্যতে বিদ্যালয়ত সময় মতে উপস্থিত হ’ব। কিন্তু ৰাইজে প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ আশ্বাস মানি নলয়। ৰাইজে কয় সুদীৰ্ঘ ২৫ বছৰে বিদ্যালয়খনৰ শিক্ষক আৰু প্ৰধান শিক্ষয়িত্ৰীৰ মুখলৈ চাইছে, কিন্তু এইবাৰ যিকোনো প্ৰকাৰে কৰ্মত গাফিলতি কৰা এই দুগৰাকী শিক্ষক-শিক্ষয়ত্ৰীক এইখন বিদ্যালয়ৰ পৰা বদলি কৰিব লাগে। বিদ্যালয়খনত অন্য শিক্ষক নিযুক্ত দিয়াৰ দাবী জনায় ৰাইজে।