বৰঝাৰ : বৰঝাৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল চাৰিখনকৈ দোকান। লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন। কথমপি ৰক্ষা বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো দোকান।

সোমবাৰে নিশাৰ ভাগত মহানগৰীৰ বৰঝাৰত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডত এখন কিতাপৰ দোকান আৰু এখন চাহৰ দোকানসহ মুঠ চাৰিখন দোকান সম্পূৰ্ণৰূপে জাহ যায়। কিতাপৰ দোকানৰ পৰা জুইৰ সূত্ৰপাত ঘটে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ভিআইপি চকত নিশাৰ ভাগত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।এছবিআই বেংকৰ ওচৰত থকা কিতাপৰ দোকান এখনত জুইৰ সূত্ৰপাত ঘটাৰ মুহুৰ্তৰ ভিতৰতে জুইত লেলিহান শিখাই অনা চাৰিখন দোকানলৈ বিয়পি পৰে।

অগ্নিকাণ্ডৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত বৰঝাৰ আৰক্ষীৰ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ এটা দল উপস্থিত হৈ জুই নিৰ্বাপন কৰে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই যদিও বিদ্যুৎ বিজুতিৰ ফলত জুইৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে।

অগ্নি নিৰ্বাপক বাহিনীৰ ৪ খনকৈ গাড়ী কেইবা ঘণ্টা ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰে যদিও অগ্নিকাণ্ডত ভস্মীভূত হোৱা দোকান চাৰিখনৰ লক্ষাধিক টকাৰ সম্পত্তি জুইত ভস্মীভূত হয়। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অঞ্চলটোত বহু দোকান জুইত জাহ যোৱাৰ পৰা ৰক্ষা পৰে।