মানকাচৰ : বন বিভাগৰ অভিযান জব্দ বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা। মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী তেলঢালাত বন বিভাগৰ অভিযান। অভিযানকালত বন বিভাগে বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰে। বন বিভাগে এটা অবৈধ কাঠফলা মিলো উৎসাত কৰে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী তেলঢালা গাঁৱত বুধবাৰে দুপৰীয়াৰ ভাগত বন বিভাগৰ এটা দলে মানকাচৰ আৰক্ষীৰ সহযোগত এক অভিযান চলাই বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰে। বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰাৰ লগতে বন বিভাগে এটা অবৈধ কাঠফলা মিল উৎসাত কৰে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলা বন বিষয়া মণিৰউদ্দীন শেখৰ নেতৃত্বত বন বিভাগৰ এটা দলে মানকাচৰ আৰক্ষীৰ সহযোগত তেলঢালা গাঁৱত এই অভিযান চলাইছিল। বন বিভাগে ছফিকুল ইছলাম নামৰ লোকজনৰ অবৈধ কাঠফলা মিলৰ মেচিন জব্দ কৰাৰ লগতে মিলত জমা কৰি ৰখা বৃহৎ পৰিমাণৰ চেগুন কাঠৰ কুণ্ডা জব্দ কৰে। জব্দ কৰা কাঠৰ কুণ্ডাখিনি মূল্য প্ৰায় পাঁচ লাখ টকা হ’ব।