মানকাচৰ : মানকাচৰৰ পুৰাণদিয়াৰা তেলিপাৰাৰ ৩.৬৬ কোটি টকীয়া পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ। দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা ৰাইজৰ বিৰুদ্ধে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ ব্যক্তিগত অভিযন্তাৰ এজাহাৰ দাখিল। উচিত তদন্ত কৰি কাম ভালকৈ কৰাৰ বাবে ৰাইজৰ উত্তাল প্ৰতিবাদ।

দুদিন পূৰ্বে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ তেলিপাৰাত ৩.৬৬ কোটি টকীয়া পথ নিৰ্মাণত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে। চি চি ব্লকৰ পথ নিৰ্মাণৰ বাবে জি এছ বি আৰু পৰ্যাপ্ত শিল নিদিয়াৰ অভিযোগ তুলি গাঁৱবাসীয়ে কেমেৰাৰ সম্মুখত উদঙাই দিছিল দুৰ্নীতি।

একাংশ সংবাদ মাধ্যমত ঠিকাদাৰৰ দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতেই বিভাগীয় ঠিকাদাৰ আমিনুৰ ৰহমানৰ ব্যক্তিগত অভিযন্তা এজনে প্ৰতিবাদকাৰী ৰাইজৰ বিৰুদ্ধে কামত বাধা দিয়াৰ অভিযোগ তুলি মানকাচৰ থানাত এজাহাৰ দাখিল কৰে। এই এজাহাৰৰ পিছতেই জাঙুৰ খাই উঠিছে প্ৰতিবাদকাৰী ৰাইজ।

মংগলবাৰে ৰাইজ পুনৰ পথৰ ওপৰত একত্ৰিত হৈ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ কৰি দুৰ্নীতি বন্ধ কৰি সঠিকভাৱে কাম কৰাৰ দাবী জনায়। প্ৰতিবাদকাৰী ৰাইজৰ দাবী, দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ বিপদ পৰিছে ৰাইজ। প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত হাটশিঙিমাৰী-মানকাচৰ পথৰ পৰা তেলিপাৰাৰ উৰামাৰী গাঁৱলৈ প্ৰায় ডেৰ কিলোমিটাৰ পথ, দলং আৰু কালভাৰ্ট নিৰ্মাণৰ ঠিকা লাভ কৰিছে গুৱাহাটীৰ মটৰীয়াৰৰ আমিনুৰ ৰহমান নামৰ ঠিকাদাৰজনে।

৩.৬৬ কোটি টকীয়া এই কামৰ বাবে ঠিকাদাৰজনে চৰম দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। অভিযোগ মতে চি চি ব্লকৰ ডেৰ কিলোমিটাৰ পথ নিৰ্মাণৰ ক্ষেত্ৰত মাত্ৰ ডেৰ ইঞ্চি জি এছ বি আৰু শিল দি ওপৰত চি চি ব্লক বহুৱাইছে। ফলত কাম সম্পূৰ্ণ হোৱাৰ পূৰ্বেই ঠায়ে ঠায়ে পথটো বেয়া হৈ যাবলৈ ধৰিছে। এই কামৰ সঠিক তদন্তৰ বাবে দুদিন পূৰ্বে ৰাইজ একত্ৰিত হৈ পথ নিৰ্মাণত হোৱা দুৰ্নীতি কেমেৰাৰ সম্মুখত উদঙাই দিছিল।

ইয়াত পিছতেই ঠিকাদাৰ আমিনুৰ ৰহমানৰ ব্যক্তিগত অভিযন্তা হাফিজুৰ ৰহমান একাংশ ৰাইজৰ নামত মানকাচৰ থানাত গোচৰ ৰুজু কৰে। ৰাইজে কামত বাধা দিয়া বুলি অভিযোগ উত্থাপন কৰি এজাহাৰ দিয়াত পিছত পুনৰ ৰাইজ একত্ৰিত হৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সঠিকভাৱে কাম কৰিবলৈ ৰাইজে দাবী তোলাৰ লগতে জিলা উপায়ুক্তক এখন লিখিত অভিযোগ দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।