গুৱাহাটী : মহানগৰী গুৱাহাটীৰ নুনমাটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত এখন দোকান। জ্বলন্ত  চিগাৰেটতৰ পৰা জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন। 

বৃহস্পতিবাৰে নিশা মহানগৰীৰ নুনমাটিত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ৰাজপথৰ দাঁতিত থকা এখন পান দোকানত সংঘটিত হয় এই অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ভয়াবহ দৃশ্য আৱদ্ধ হয় মোবাইলৰ কেমেৰাত। দাওদাও কৈ জ্বলি উঠে পান দোকানখন।

এই ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত পান দোকানখন  সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ লগতে জুইত জাহ যায় কেইবা লক্ষাধিক টকাৰ সামগ্ৰী। পান দোকানখনত জুইৰ সূত্ৰপাত হোৱাৰ পিছত পান দোকানখনৰ দাঁতিতে থকা বিদ্যুৎৰ খুটা আৰু বিদ্যুৎ তাঁৰ লৈ জুই সম্প্ৰসাৰিত হয়।

অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰাত স্থানীয় ৰাইজ আতংকিত হৈ পৰে। ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো গাড়ী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। জ্বলন্ত চিগাৰেটৰ পৰাই জুইৰ সূত্ৰপাত হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।