বকো : বকোত নিশা বিধ্বংসী অগ্নিকাণ্ড। এই বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় চাৰিখনকৈ দোকান। দোকান চাৰিখনৰ প্ৰায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায়।

দেওবাৰে নিশাৰ ভাগত কামৰূপ জিলাৰ বকোৰ ছমৰীয়াত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। ছমৰীয়া বাছ আস্থানত থকা চাৰিখনকৈ দোকান এই বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয়। এখন চাহ দোকানৰ চৌকাৰ পৰা জুইৰ সুত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।

অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত ৰাইজ আতংকিত হৈ পৰে আৰু জুই নিৰ্বাপনৰ চেষ্টা চলায় যদিও জুইৰ লেলিহান শিখাই চাৰিখনকৈ দোকানলৈ বিয়পি পৰে। অৱশেষত অগ্নি নিৰ্বাপক বাহিনীয়ে বহু সময় চেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।