মানকাচৰ : মাছ (Fishing) ধৰি ৩ লাখ ৫০ হাজাৰ টকা লাভ কৰিলে তিনি যুৱকে। ৩ কেজি ৬০০ গ্ৰাম ওজনৰ এটা মাছ ধৰি এইজন যুৱকে লাভ কৰিলে নগদ ২ লাখ টকা। ৩ কেজি ৪০০ গ্ৰাম ওজনৰ মাছ ধৰি আন এজন যুৱকে লাভ কৰিলে নগদ ১ লাখ টকা আৰু এজন যুৱকজনে নগদ ৫০ হেজাৰ টকা লাভ কৰিলে ৩ কেজি ২০০ গ্ৰাম ওজনৰ মাছ ধৰি।

মুঠ ১৫ জন যুৱকে পুখুৰীত মাছ ধৰি লাভ কৰিলে নগদ চাৰি লাখ ত্ৰিশ হেজাৰ টকা। মেঘালয়ত শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হিছিল মাছ ধৰা প্ৰতিযোগিতা। মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ধাপগুৰীত তিনিজন ব্যৱসায়ীয়ে আয়োজন কৰিছিল মাছ ধৰা প্ৰতিযোগিতাৰ। ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় ৪০০ জনকৈ প্ৰতিযোগীয়ে ২০০০ টকা মাছুল প্ৰদান কৰি এই মাছ ধৰা প্ৰতিযোগীতাত অংশগ্ৰহণ কৰিছিল। পুৱা ৯ বজাৰ পৰা বিয়লি ২ বজালৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগিতা।

বৰশীৰে মাছ ধৰা প্ৰতিযোগিতাত তুৰা চহৰৰ বাবুপাৰাৰ টি এম মাৰাক নামৰ এজন যুৱকে ৩ কেজি ৬০০ গ্ৰাম ওজনৰ মাছ ধৰি প্ৰথম স্থান দখল কৰে। ফলত যুৱকজনে লাভ কৰে নগদ ২ লাখ টকাৰ পুৰস্কাৰ। একেদৰে তুৰা চহৰৰে টেৰাপাৰাৰ এল মাৰাকে ৩ কেজি ৪০০ গ্ৰাম ওজনৰ মাছ ধৰি দ্বিতীয় স্থান দখল কৰি লাভ কৰে নগদ ১ লাখ টকাৰ পুৰস্কাৰ। আনহাতে ৩ কেজি ২০০ গ্ৰাম ওজনৰ মাছ ধৰি আন এজন যুৱকে তৃতীয় স্থান দখল কৰি নগদ ৫০ হেজাৰ টকা লাভ কৰে।

চতুৰ্থ স্থানপ্ৰাপ্ত প্ৰতিযোগীয়ে নগদ ২০ হেজাৰ টকা আৰু পঞ্চম স্থান প্ৰাপ্ত প্ৰতিযোগীয়ে লাভ কৰে ১০ হেজাৰ টকাৰ পুৰস্কাৰ। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা আন ১০ জন যুৱকে শান্তনা পুৰস্কাৰ হিচাপে নগদ ৫ হেজাৰকৈ টকা লাভ কৰে। উল্লেখ্য যে প্ৰথমবাৰৰ বাবে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ ধাপগুৰীত আৰ ডি চাংমা, কে আৰ মাৰাক আৰু এম এ চাংমা নামৰ ব্যৱসায়ী তিনিজনে এই মাছ ধৰা প্ৰতিযোগিতাৰ আয়োজন কৰিছিল।

মেঘালয়ৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় ৪০০ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা মাছ ধৰা প্ৰতিযোগাতা চাবলৈ হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰা দেখিবলৈ পোৱা যায়। অনাগত দিনত পুনৰ অনুৰূপ ধৰণৰ মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব বুলি ব্যৱসায়ী তথা মাছ ধৰা প্ৰতিযোগিতাৰ আয়োজক এম এ চাংমাই জানিবলৈ দিয়ে।