গুৱাহাটী : উত্তৰ-পূব ভাৰতৰ ডায়েবেটিছৰ মুখ্য অনুষ্ঠান প্রেক্টিকেল এণ্ডোক্রিনোলজীয়ে অহা ৩০ অক্টোবৰত হোটেল তাজ ভিভাণ্টাত ডায়েবেটিচ (Diabetes) সন্মিলনৰ আয়োজন কৰিছে। এছ’চিয়েচন অৱ ক্লিনিকেল এণ্ডোক্রিনোলজীষ্ট চমুকৈ এ চি ই ৰ সহযোগত অনুষ্ঠিত এই চতুর্থ সংস্কৰণৰ এই কাৰ্যসূচী পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ চলিব।

৪০ বছৰো অধিক অভিজ্ঞতা থকা চিকিৎসক ডাঃ ৰাজকুমাৰ ভাৰতিয়াৰ মূল লক্ষ্য উত্তৰ-পূৰ্বাঞ্চলৰ পৰা ডায়েবেটিচ নিয়ন্ত্ৰণ কৰা। অনুষ্ঠানটোত ডায়েবেটিচ নিয়ন্ত্ৰণ কৰিবলৈ কি কৰিব লাগিব সেই সন্দৰ্ভত অভিজ্ঞ চিকিৎসক সকলে উপস্থিত লোক সকলক পৰামৰ্শ দাঙি ধৰে। উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলক সেৱা কৰাৰ লক্ষ্যৰে ইংলেণ্ডত ১২ বছৰৰ অভিজ্ঞতা লৈ পুনৰ ঘূৰি আহিছে সাংগঠনিক সম্পাদক ডাঃ মিথুন ভাৰতিয়াই।

উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱৰ্তন হোৱাটো বিচাৰিছে তেওঁ। তেওঁ শিক্ষাবিদসকলৰ সৈতে বৈজ্ঞানিক বোনাঞ্জা প্ৰস্তুত কৰিছে যিটো কোনেও বাদ পৰিব নালাগে। সাংগঠনিক অধ্যক্ষ ডাঃ বাঞ্চি চাবু এগৰাকী পৰামৰ্শদাতা যি গৰাকীয়ে প্ৰথমৰ পৰা চতুৰ্থ সংস্কৰণলৈকে সমগ্র কাৰ্যসূচীত সহায় আগবঢ়াই আহিছে। ডায়েবেটিচ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত এই বিপ্ৰ অনাত সকলোৰে সহযোগিতা কামনা কৰিছে।