গুৱাহাটী : অসমত উগ্ৰপন্থী সংগঠন অল কায়দাৰ খোপনি পুতিৰ চেষ্টা। অসম আৰক্ষীৰ এক সাফল্যই সন্দেহ প্ৰকাশ কৰিছে যে অসমত আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী সংগঠন অল কায়দাই খোপনি পুতাৰ প্ৰচেষ্টা চলাই আছে। এসময়ত উছমা বিন লাডেনৰ নেতৃত্বত গঠন হোৱা উগ্ৰপন্থী সংগঠন সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰিছিল।

অসমত ভূমিত আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী সংগঠন অল কায়দাই নিজৰ অৱস্থিতি স্থাপনৰ চেষ্টা চলাই থকাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। উগ্ৰপন্থী সংগঠনটোৰ লগত জড়িত থকাৰ সন্দেহত অসম আৰক্ষীয়ে ৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে অসমত অল কায়দাই নিজকে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাই থকাৰ আশংকা প্ৰকট হৈছে।

নামনি অসমৰ বৰপেটা জিলাৰ পৰা অসম আৰক্ষীয়ে আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী সংগঠন অল কায়দাৰ লগত জড়িত থাকৰ সন্দেহত ৫ জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে। এই ৫ জন লোকৰ ভিতৰত ৩ জন বৰপেটা জিলাৰ কলগাছিয়াৰ, ১ জন হাউলীৰ আৰু ১ জন বাংলাদেশ নাগৰিক বুলি আৰক্ষীৰ ফালৰ পৰা এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়া হৈছে।

আন্তঃৰাষ্ট্ৰীয় উগ্ৰপন্থী সংগঠন অল কায়দাৰ লগত সম্পৰ্ক থকাৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা কলগাছিয়াৰ লোক ৩ জন হৈছে ক্ৰমে বাদশ্বাহ ছুলেইমান খান, ছাইফুল ইছলাম আৰু খাইৰুল ইছলাম, হাউলীৰ তাইমুৰ ৰহমান খান আৰু বাংলাদেশৰ নাগৰিক মহম্মদ সুমন। বাংলাদেশৰ পৰা অসমত অল কায়দাই খোপনি পুতাৰ চেষ্টা চলাই থকাৰ এক সন্দেহ প্ৰকাশ হৈছে।