কিশোৰ মিশ্ৰ

গোসাঁইগাঁও : বড়ো ভূমিত এতিয়াও অব্যাহত চোৰাং চিকাৰীৰ দপদপনি। এতিয়াও বড়ো ভূমিত থকা অভয়াৰণ্য সমূহত সুৰক্ষিত নহয় বন্যপ্ৰাণী। বড়ো ভূমিৰ অভয়াৰণ্য সমূহত অব্যাহত আছে বন্যপ্ৰাণীৰ নিধনযজ্ঞ। হাতীৰ দাঁতসহ ৬ চোৰাং চিকাৰী গ্ৰেপ্তাৰ হোৱাৰ পিছত প্ৰশ্ন উঠিছে কিমান সুৰক্ষিত বড়ো ভূমিত বন্যপ্ৰাণী ?

বড়ো ভূমিত চোৰাং চিকাৰী মুক্ত কৰাৰ চৰকাৰৰ ঘোষণাৰ ফোঁপোলা স্বৰূপ পুনৰ প্ৰকাশ পালে। কিছুদিন পূৰ্বে বড়ো ভূমিক চোৰাং চিকাৰী মুক্ত কৰাৰ বাবে উদ্দেশ্যে বহু চোৰাং চিকাৰীক আত্মসমৰ্পণ কৰাই চৰকাৰে আত্মসমৰ্পণকাৰী চোৰাং চিকাৰী সকলক পুনৰ সংস্থাপন কৰাৰ এক পৰিকল্পনা হাতত লৈছে যদিও এই পৰিকল্পনা বিফল হোৱা পৰিলক্ষিত হৈছে।

কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত হাতীৰ দাঁতসহ ৬ চোৰাং চিকাৰী গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই প্ৰমাণ কৰিলে যে এতিয়াও চোৰাং চিকাৰী মুক্ত হোৱা নাই বড়ো ভূমি। গোসাঁইগাঁৱৰ কচুগাঁৱত বন বিভাগ আৰু এছএছবিয়ে এক যৌথ অভিযান চলাই ৬ জনকৈ চোৰাং চিকাৰীক হাতীৰ দাঁতসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। শনিবাৰে পুৱতি নিশা কচুগাঁও বন সংমণ্ডলৰ নিকটৱৰ্তী অঞ্চলত অভিযান চলাই বন বিভাগ আৰু এছএছবিয়ে চোৰাং চিকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে।

কচুগাঁও বনাঞ্চলৰ বন গাঁও লাকৰিগুৰিৰ পৰা হাতীৰ দাঁতসহ গ্ৰেপ্তাৰ কৰা হয় চোৰাং চিকাৰী কেইজনক। ধৃত চোৰাং চিকাৰী কেইজন ক্ৰমে সাপকাটাৰ সুকল চৰেন, আমলাইগুৰিৰ চন্দন ৰাভা, আলীনগৰৰ পাৰস ৰাভা, লাকৰিগুৰিৰ চিমেন হাজোবাৰী, বলমঝোৰাৰ ছিলেং ৰাভা আৰু বালাগাঁৱৰ ছিদূ কিচকু। চোৰাং চিকাৰী কেইজনৰ পৰা দুটা হাতী দাঁত উদ্ধাৰ কৰে বন বিভাগ আৰু এছএছবিয়ে।