কাজিৰঙা : ৩ মাৰ্চৰ দিনটো বিশ্ববাসীয়ে পালন কৰে বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে। বন্যপ্ৰাণী সংৰক্ষণৰ উদ্দেশ্যে সজাগতা সৃষ্টিৰ বাবে ৩ মাৰ্চৰ দিনটো বিশ্ব বন্যপ্ৰাণী দিৱস হিচাপে পালন কৰা হয়। এইবাৰ বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই অসমৰ বন্যপ্ৰাণী সকলৰ বাবে আহিছে এক ভাল খবৰ। বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই কাজিৰঙাত দেখা পোৱা গ’ল ঘৰিয়াল।

প্ৰায় চাৰি দশকৰ পিছত বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনা কাজিৰঙাত ঘৰিয়ালৰ দৃশ্য কেমেৰাত আৱদ্ধ হোৱাত উৎফুল্লিত হৈ উঠিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষই আৰু বন কর্মী সকলৰ লগতে বন্যপ্ৰাণী প্ৰেমী সকল। এসময়ত ব্ৰহ্মপুত্ৰ নদীত ঘৰিয়াল প্ৰত্যক্ষ কৰাটো এক সাধাৰণ কৰা আছিল যদিও সময়ৰ লগে লগে ব্ৰহ্মপুত্ৰ নদীৰ পৰা নাইকিয়া হৈ পৰিছিল ঘৰিয়াল।

ব্ৰহ্মপুত্ৰ নদীত বিগত চাৰি দশক ধৰি প্ৰত্যক্ষ হোৱা নাই ঘৰিয়াল। প্ৰদূষণ তথা মানুহে যধে মধে ঘৰিয়ালৰ নিধনযজ্ঞ চলোৱাৰ লগতে বিভিন্ন কাৰণত ব্ৰহ্মপুত্ৰ নদীত ক্ৰমাৎ হ্ৰাস পাবলৈ ধৰিছিল ঘৰিয়ালৰ সংখ্যা। ৮০ ৰ দশকতে ব্ৰহ্মপুত্ৰ নদীৰ পৰা সম্পূৰ্ণৰূপে বিলুপ্ত ঘটিছিল ঘৰিয়ালৰ। কিন্ত বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই ব্ৰহ্মপুত্ৰ নদীত প্ৰত্যক্ষ হ’ল এটা ঘৰিয়াল।

বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনাই ডব্লিউ ডব্লিউ এফৰ এজন বিষয়াই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অন্তৰ্গত ব্ৰহ্মপুত্ৰৰ নদীৰ বালিচৰত প্ৰত্যক্ষ কৰে এটা ঘৰিয়াল। ডব্লিউ ডব্লিউ এফৰ প্ৰকল্প বিষয়া ত্ৰিদিপ শৰ্মাই ব্ৰহ্মপুত্ৰ নদীৰ বালিচৰত ঘৰিয়াকটো প্ৰত্যক্ষ কৰি কেমেৰাত আৱদ্ধ কৰে ঘৰিয়ালটোৰ দৃশ্য।

ব্ৰহ্মপুত্ৰ নদীৰ বালি চৰত জিৰণি লৈ থকা ঘৰিয়ালটো নাৱৰ শব্দ শুনি ব্ৰহ্মপুত্ৰ নদীৰ পানীত জপিয়াই দিয়াৰ এক বিৰল দৃশ্য আৱদ্ধ হয় ডব্লিউ ডব্লিউ এফৰ প্ৰকল্প বিষয়া ত্ৰিদিপ শৰ্মাৰ কেমেৰাত। চাৰি দশকৰ পিছত বিশ্ব বন্যপ্ৰাণী দিৱসৰ দিনা ব্ৰহ্মপুত্ৰ নদীৰ পৰা বিলুপ্ত ঘটা ঘৰিয়াল পুনৰ ব্ৰহ্মপুত্ৰ নদীত প্ৰত্যক্ষ হোৱাত বন্যপ্ৰাণী প্ৰেমী সকল উৎফুল্লিত হৈ উঠিছে।