জোনমণি বেগম
বিশ্বনাথ : আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ (Car Lifer) চক্ৰৰ সদস্য। যুৱতী আৰু মহিলাসহ আৰক্ষীৰ জালত কুখ্যাত গাড়ী চোৰ চক্ৰৰ সদস্য। কুখ্যাত গাড়ী চোৰ চক্ৰটোৰ পাঁচ গৰাকী সদস্যক বিলাসী গাড়ী বিক্ৰী কৰাৰ চেষ্টা চলাই থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়।

দীর্ঘদিন ধৰি ৰাজ্যত গাড়ী চোৰ চক্ৰ সক্ৰিয় হৈ আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰা সময়ে সময়ে গাড়ী চুৰিৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পাই থাকে। আনকি গাড়ী চোৰ চক্ৰৰ সদস্যই গাড়ী ভাড়ালৈ নি চালকক হত্যা কৰিও গাড়ী লৈ পলায়ন কৰাৰ ঘটনাও বিভিন্ন সময়ত সংঘটিত হয়। গাড়ী ভাড়ালৈ নি বিক্ৰী কৰাৰ চেষ্টা চলাই থকা অৱস্থাত কুখ্যাত গাড়ী চোৰ চক্ৰৰ পাঁচ জনীয়া সদস্য আৰক্ষীৰ জালত পৰিছে।

বিশ্বনাথ আৰক্ষীয়ে কুখ্যাত গাড়ী চোৰ চক্ৰৰ পাঁচ জনীয়া সদস্যৰ দল এটাক গ্ৰেপ্তাৰ কৰি এক বৃহৎ সাফল্য লাভ কৰিছে। আৰক্ষীৰ জালত পৰা দলটোৰ মাজত আছে এগৰাকী যুৱতী আৰু এগৰাকী মহিলা। গুৱাহাটীৰ ফেভ হুইলচ নামৰ এজেন্সিৰ পৰা সাত জনীয়া গাড়ী চোৰৰ দল এটাই এখন এক্স ইউ ভি ৩০০ আৰু এখন বলেৰ গাড়ী যোৱা ২০ অক্টোবৰ তাৰিখে শোণিতপুৰলৈ যাম বুলি ভাড়ালৈ নিছিল। গাড়ী ভাড়ালৈ নিয়াৰ পিছৰে পৰা গাড়ীসহ দলটো সন্ধানহীন হৈ আছিল।

গাড়ী ভাড়ালৈ নিয়া কুখ্যাত গাড়ী চোৰ চক্ৰটোৰ সকলো সদস্যৰে মবাইল ফোন বন্ধ হৈ পৰাত এজেন্সিৰ লোকৰ গাড়ী দুখন চুৰি হোৱাৰ সন্দেহ উপজিছিল। গাড়ী দুখনত জি পি এছ লাগি থকা বাবে এজেন্সিৰ লোকে গাড়ী দুখনৰ সন্ধান লাভ কৰিবলৈ সক্ষম হৈছিল। গাড়ী দুখন বিশ্বনাথ চাৰিআলিত ৰৈ থকাৰ সন্ধান লাভ কৰাৰ পিছতে এজেন্সিৰ লোক বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ গাড়ী দুজন এখন লড’ৰ সন্মুখত ৰখাই থোৱা আছে।

এজেন্সিৰ লোকে কিছু সময় গাড়ীৰ কাষতে ৰৈ দিয়ে আৰু কিছু সময়ৰ পিছত গাড়ীৰ কাষত এজন গাড়ী চোৰ আহি উপস্থিত হোৱাত এজেন্সিৰ লোকে গাড়ী চোৰ জনক আটক কৰি বিশ্বনাথ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে চোৰৰ দলটোৰ পাঁচজন সদস্যক গ্ৰেপ্তাৰ কৰে যদিও দুজন সদস্য।পলায়ন কৰিবলৈ সক্ষম হয়। গাড়ী চোৰৰ দলটোত আছে এগৰাকী যুৱতী আৰু এগৰাকী মহিলা। ধৃত গাড়ী চোৰ কেইজন ক্ৰমে তৰুণ কুমাৰ বালমিকি, তাৰিফ আব্দুলা, জুপিতৰা দাস, পংকজ কুমাৰ চাহু, ভূমিকা মিকিৰ।

কুখ্যাত গাড়ী চোৰৰ দলটোৰ কবলৰ পৰা এখন বলেৰ গাড়ী আৰু আন এখন এজেন্সিৰ পৰা স্কৰপিঅ’ গাড়ী উদ্ধাৰ কৰা হৈছে যদিও ফেভ হুইলচ নামৰ এজেন্সিৰ পৰা অনা এক্স ইউ ভি ৩০০ গাড়ীখন এতিয়াও উদ্ধাৰ হোৱা নাই। এক্স ইউ ভি ৩০০ গাড়ীখনৰ জি পি এছ মতে গাড়ীখন অৰুণাচল প্ৰদেশৰ ইটানগৰত আছে। বিশ্বনাথ আৰক্ষীয়ে চোৰৰ দলটোক জেৰা অব্যাহত ৰাখিছে।