হাজো : মুৰ্গীৰ (Chicken) হত্যা। মুৰ্গীৰ হত্যাৰ অভিযোগ এগৰাকী মহিলাৰ। ৫ টা লোকেল মুৰ্গীৰ মৃতদেহ লৈ থানাত হাজিৰ মহিলা। মুৰ্গীৰ হত্যাৰ অভিযোগ উত্থাপন কৰি মহিলা গৰাকীয়ে দাখিল কৰিলে এজাহাৰ।

কামৰূপ জিলাৰ হাজোত এগৰাকী মহিলাৰ অভিযোগে সকলোৰে চকু কপালত তুলিছে। মহিলা গৰাকীয়ে লোকেল মুৰ্গীৰ হত্যাৰ অভিযোগ উত্থাপন কৰি থানাত এজাহাৰ দাখিল কৰিছে। মহিলা গৰাকীয়ে ৫ টাকৈ মুৰ্গীৰ মৃতদেহ লৈ হাজো থানাত উপস্থিত হৈ মুৰ্গী কেইটাৰ হত্যা কৰা হৈছে বুলি অভিযোগ উত্থাপন কৰি হাজো থানাত এজাহাৰ দাখিল কৰে।

তছলিমা বেগম নামৰ হাজোৰ দক্ষিণ বৰ্ণিৰ এগৰাকী মহিলাই হাজো থানাত তিনি গৰাকী লোকৰ বিৰুদ্ধ মুৰ্গী হত্যাৰ অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে। হত্যাৰ অভিযোগ উত্থাপন কৰি মহিলা গৰাকীয়ে ছৰিফুল, হাছিনা আৰু ইক্রামুল নাম এজাহাৰত উল্লেখ কৰিছে। মহিলা গৰাকীয়ে হাজো থানাত মুৰ্গী হত্যাৰ এজাহাৰ দাখিল কৰি ন্যায়াৰ দাবী জনাইছে।

মহিলা গৰাকীয়ে অভিযোগ কৰে যে মহিলা গৰাকীৰ হাঁহ, মুৰ্গী ছৰিফুল নামৰ লোকজনৰ খেতি পথাৰত গৈ খেতি নষ্ট কৰাৰ বাবে প্ৰায়ে মহিলা গৰাকীৰ পৰিয়ালৰ লোকৰ লগত ছৰিফুলৰ পৰিয়ালৰ লোকৰ কাজিয়াৰ সৃষ্টি হয়। দেওবাৰে মহিলা গৰাকীৰ ৫ টা মুৰ্গী ছৰিফুলৰ পৰিয়ালৰ লোকে খেতিত বিষ দি হত্যা কৰে বুলি মহিলা গৰাকীয়ে অভিযোগ উত্থাপন কৰি হাজো থানাত এজাহাৰ দাখিল কৰে।

৫ টা মুৰ্গীৰ মৃতদেহসহ থানাত উপস্থিত হৈ মুৰ্গী হত্যা সন্দৰ্ভত এজাহাৰ দাখিল কৰি মহিলা গৰাকীয়ে যিকোনো প্ৰকাৰে ন্যায় লাগিবই বুলি কয়। ইফালে এই ঘটনাক কেন্দ্ৰ কৰি হাজোত ব্যাপক চৰ্চা দেখিবলৈ পোৱা গৈছে। মুৰ্গী হত্যাৰ অভিযোগ ঘটনাটো ব্যতিক্ৰম যদি মুৰ্গী হত্যাৰ অভিযোগ কৰা মহিলা গৰাকীয়ে আইনৰ সহায় লোৱা কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে। পিছে মহিলা গৰাকীয়ে মুৰ্গী হত্যা সন্দৰ্ভত ন্যায় লাভ কৰিবনে নাই এইয়া সময়তে দেখিবলৈ পোৱা যাব।