Oppo : অ’প্পো এফ ২১ এছ প্ৰ’ চিৰিজৰ ৫জি মোবাইল ফোন মুকলি

In ব্যৱসায়, ৰাজ্য
Umra Package

গুৱাহাটী : অৱশেষত অপেক্ষাৰ অন্ত পৰিল। দেশৰ আগশাৰীৰ স্মাৰ্টফোন নির্মাতা অ’প্পোৱে (Oppo) সকলো গ্ৰাহকৰ বাবে নতুন অপ্পো এফ ২১ এছ প্ৰ’ চিৰিজৰ ৫জি মোবাইল মুকলি কৰি দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলায়। মহানগৰীৰ জি এছ ৰোডৰ চিটি চেন্টাৰৰ তৃতীয় মহলাত থকা অপ্পো এক্সক্লুছিভ শ্ব’কমত অপ্পো এফ ২১ এছ প্ৰ’ চিৰিজৰ ৫জি স্মার্ট ফোন আনুষ্ঠানিকভাৱে মুকলি কৰে অভিনেত্রী হিমাক্ষী কলিতাই।

অনুষ্ঠানত অপ্পোৰ মণ্ডল বিক্রি প্রবন্ধক আনিশুজ জামান, এলএফআৰ মুৰব্বী সন্দীপ চৌধুৰীকে আদি কৰি অপ্পোৰ বিষয়ববীয়াসকল উপস্থিত থাকে। মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি অভিনেত্রী হিমাক্ষী কলিতাই কয় যে অপ্পো সদায়ে স্মার্ট ফোন আৰু আইঅ’টি সামগ্ৰীৰ আটাইতকৈ প্রিয়, অভিনৱ আৰু ষ্টাইলিছ ব্ৰেণ্ডসমূহৰ ভিতৰত অন্যতম। অপ্পো স্মার্ট ফোন বিক্ৰীৰ দিশত এক শীর্ষ স্থান দখল কৰিছে। অপ্পো এফ ২১ এছ প্ৰ’ চিৰিজ ৫জি গ্লো ডিজাইনৰ সৈতে ডনলাইট গোল্ড, অর্বিট লাইটৰ সৈতে মাইক্ৰ’লেন্স, ফ্লেগশিপ আইএমএক্স ৭০৯ চেন্সৰ আৰু ১৩ জিবি ৰেমত উপলব্ধ হৈছে।

লগতে ৪৫০০ এম এ এইচ বেটাৰিৰ সৈতে ৩৩ ডব্লিউ ছুপাৰ ভিঅ’অ’চি সংলগ্ন কৰি যুৱক আৰু মহিলা সকলৰ বাবে সঠিক সংমিশ্ৰণেৰে নিৰ্মাণ কৰা হৈছে স্মার্ট ফোনটো। অসম আৰু উত্তৰ-পূব ৰাজ্যৰ লোক সকলে স্মার্ট ফোনটো আকোৱালি ল’ব বুলি আশা প্রকাশ কৰে অভিনেত্ৰী গৰাকীয়ে। অনুষ্ঠানটোত বক্তব্য ৰাখি মণ্ডল বিক্ৰী প্ৰবন্ধক অনিশুজ জামানে কয় যে এফ ২১ এছ প্ৰ চিৰিজ ৫জি’ৰ অৰ্থ হৈছে এফ শৃংখলাৰ সৈতে সকলো ধৰণৰ উন্নত ডিজাইন আৰু প্ৰযুক্তি প্ৰদান কৰা। এফ ২১ এছ প্ৰ’ চিৰিজ ৫জি বিশেষভাৱে চেগমেন্ট ১ ম মাইক্ৰ’লেন্স কেমেৰা আৰু ফ্লেগশিপ আইএমএ’ ৭০৯ চেন্সৰ এফ২১ এছ প্ৰ’ চিৰিজ ৫জি স্মার্ট মোবাইল ২২,৯৯৯ টকাৰ পৰা আৰম্ভণি হৈছে।

শ্ব’কমটোৰ এলএফআৰ মুৰব্বী সন্দীপ চৌধুৰীয়ে লগতে কয় যে এফ ২১ এছ প্ৰ চিৰিজ ৫জি ক্ৰয় কৰা গ্ৰাহকে ১০ শতাংশ লৈকে কেছবেক লাভ কৰিব লগতে আগশাৰীৰ আইটিআইডিআই, কোটাক আৰু অন্যান্য বেংকৰ পৰা অতি সহজে ছমাহ লৈকে ইএমআইৰ সুবিধ লাভ কৰিব। লগতে অপ্পোৱে মুকলি কৰা (টিডব্লিউএছ) আইএটি সামগ্ৰীৰ ক্ষেত্ৰত বিশেষ ৰেহাইৰ লগতে গ্রাহকে লাভ কৰিব আকর্ষণীয় অফাৰ।

You may also read!

Avalanche : ভয়ংকৰ হিমস্খলনৰ ঘটনাত সন্ধানহীন অসমৰ পৰ্বতাৰোহী

নিউজ ডেস্ক : ভয়ংকৰ হিমস্খলনৰ (Avalanche) ঘটনাত সন্ধানহীন অসমৰ পৰ্বতাৰোহী। দ্বীপশিখা হাজৰিকা (Deepsikha Hazarika) নামৰ অসমৰ এগৰাকী পৰ্বতাৰোহী ভয়ংকৰ

Read More...

War Against Drugs By Meghalaya Police : অসম আৰক্ষীৰ সমান্তৰালকলৈ অব্যাহত আছে মেঘালয় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান

শ্বিলং : অসম আৰক্ষীৰ সমান্তৰালকলৈ মেঘালয় আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান (War Against Drugs By Meghalaya Police) অব্যাহত ৰাখিছে। সোমবাৰে

Read More...

Drugs Seized : পূজাৰ উখল মাখল পৰিৱেশৰ সুযোগ গ্ৰহণ কৰি ড্ৰাগছ সৰবৰাহৰ চেষ্টা

গুৱাহাটী : ৰাজ্যজুৰি দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশ। দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশৰ সুযোগ গ্ৰহণ কৰি ড্ৰাগছ (Drugs) সৰবৰাহৰ

Read More...

Mobile Sliding Menu