মানকাচৰ : মানকাচৰৰ শান্তিপুৰত বিধ্বংসী অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতে সংঘটিত হয় এই বিধ্বংসী অগ্নিকাণ্ড।তিনিতকৈ কোঠা সম্পূৰ্ণ ভস্মীভূত। এই বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় কেইবা লক্ষাধিক টকাৰ সম্পত্তি।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ অন্তৰ্গত অসম-মেঘালয় সীমান্তবৰ্তী শান্তিপুৰত দেওবাৰে সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। এজন লোকৰ ঘৰত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিৰ এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত লোকজনৰ ঘৰৰ তিনিটাকৈ কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

দেওবাৰে দিনৰ প্ৰায় ২ বজাত মানকাচৰৰ অসম-মেঘালয় সীমান্তবৰ্তী শান্তিপুৰ গাঁৱৰ সমীৰ মুল্লাহা নামৰ এজন ব্যৱসায়ীৰ ঘৰত চিলিণ্ডাৰ বিস্ফোৰণৰ হৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অগ্নিকাণ্ডত লোকজনৰ ঘৰৰ তিনিটাকৈ কোঠা সম্পূৰ্ণৰূপে ভস্মীভূত হয়। কোঠা তিনিটা ভিতৰত থকা সকলো সামগ্ৰী জুইত জাহ যায়।

অগ্নিকাণ্ডত কেইবা লক্ষাধিক টকাৰ বিস্তৰ ক্ষতি সাধন হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ পিছতে স্থানীয় ৰাইজে অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াত অগ্নি নিৰ্বাপক বাহিনীৰ লোক তৎপৰতাৰে ঘটনাস্থলীত উপস্থিত হয়। অগ্নি নিৰ্বাপক বাহিনীৰ লোক স্থানীয় ৰাইজৰ সহযোগত দুর্ঘটনা সময় ধৰি প্ৰচেষ্টা চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।