যোগীঘোপা : যোগীঘোপাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। নৰনাৰায়ণ সেঁতুৰ ওপৰত বাহন ৰখাই চেল্ফি উঠি থকা সময়তে সংঘটিত হৈছে এক অঘটন। চেল্ফি উঠি থকা সময়ত তীব্ৰ বেগী ট্ৰাকৰ খুন্দাত আহত ৫ জনকৈ লোক।

বুধবাৰে দুপৰীয়াৰ ভাগত যোগীঘোপাত নৰনাৰায়ণ সেঁতুৰ ওপৰত এক ভয়ংকৰ দুর্ঘটনাত শিশু আৰু মহিলাসহ ৫ জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। নৰনাৰায়ণ সেঁতুৰ ওপৰত বাহন ৰখাই চেল্ফি উঠি থকা অৱস্থাত এখন বাহনত খুন্দা তীব্ৰ বেগী ট্ৰাক এখনে।

এএছ-২৬-চি-৮৪১১ নম্বৰৰ চিলিণ্ডাৰ ভৰ্তি ট্ৰাক এখনে এএছ-০১-ডিকে-৮৪৩৫ নম্বৰৰ বাহনখনত খুন্দা মৰাত শিশু আৰু মহিলাসহ ৫ জনকৈ লোক গুৰুত্বৰভাৱে আহত হয়। আহত লোক সকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে গোৱালপাৰালৈ প্ৰেৰণ কৰা হয়।

এএছ-০১-ডিকে-৮৪৩৫ নম্বৰৰ বাহনখন নৰনাৰায়ণ সেঁতুৰ ওপৰত ৰখাই থোৱা অৱস্থাত বঙাইগাঁও অভিমুখী চিলিণ্ডাৰ ভৰ্তি ট্ৰাকখনে খুন্দা মাৰে। তীব্ৰ বেগী ট্ৰাকখনে আন এখন বাহনতো খুন্দা মাৰে। আহত সকলৰ ভিতৰত কেইবাজনৰো অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।