বিশ্বনাথ : বিশ্বনাথত উপস্থিত অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ টিম। বিশ্বনাথত উপস্থিত হোৱা অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ টিমক উষ্ম আদৰণি। ৰাইজক হেলমেট পৰিধান কৰি মটৰ চাইকেল চলাবলৈ আহবান আনন্দ মিশ্ৰৰ। বুধবাৰে বিশ্বনাথ জিলাত প্ৰৱেশ কৰে আৰক্ষী বিষয়া আনন্দ মিশ্ৰৰ নেতৃত্বত আৰম্ভ হোৱা অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ মটৰ চাইকেল দলটি।

ৰাষ্ট্ৰপতিৰ পৰা অসম আৰক্ষীয়ে প্ৰেছিডেন্ট কালাৰ এৱাৰ্ড পোৱাৰ পৰিপ্ৰেক্ষিতত অসমৰ ২৭ খন জিলাৰ ২০৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰমৰ লক্ষ্যৰে ৩০ এপ্ৰিলৰ দিনা ধুবুৰীৰ পৰা যাত্ৰা আৰম্ভ কৰা অসম আৰক্ষীৰ ‘ৰাইড অফ প্ৰাইড’ মটৰচাইকেল দলটিক বিশ্বনাথ জিলাত উষ্ম আদৰণি জনোৱা হয়। অসম আৰক্ষীৰ সহকাৰী আৰক্ষী মহাপৰিদৰ্শক (ক্ৰীড়া) আনন্দ মিশ্ৰৰ নেতৃত্বত অহা জাতীয় সংহতি মটৰচাইকেল ৰেলীত অংশগ্ৰহণ কৰা আৰক্ষী বিষয়া সকলক দিকৰাই নদীৰ পৰা বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙৰ নেতৃত্বত এটা দলে আদৰি আনে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ।

ইয়াতে দলটিয়ে বিশ্বনাথ কলেজ এনচিচি, বিশ্বনাথ আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে। উল্লেখ্য যে অসম আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পৰা আৰক্ষী পতাকা লাভ কৰাটোক অসম আৰক্ষীৰ দক্ষতা আৰু পাৰদৰ্শিতাৰ এক বৃহৎ সফলতা বুলি গণ্য কৰি অসম আৰক্ষীৰ সহকাৰী উপ মহাপৰিদৰ্শক (ক্ৰীড়া) আনন্দ মিশ্ৰৰ নেতৃত্বত অহা মটৰ চাইকেল ৰেলীৰ দলটি অসমৰ ২৭ খন জিলাৰ ২০৫৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি ৭ মে’ৰ দিনা গুৱাহাটীত উপস্থিত হ’ব। আনহাতে ১০ মে’ৰ দিনা গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অসম আৰক্ষীক প্ৰেছিডেন্ট কালাৰ এৱাৰ্ড প্ৰদান কৰা হ’ব।

নেহৰু ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত ভাৰতৰ গৃহ মন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক ভাৰতৰ ৰাষ্ট্ৰপতিৰ হৈ প্ৰেছিডেন্ট কালাৰ এৱাৰ্ড প্ৰদান কৰিব। প্ৰেছিডেন্ট কালাৰ এৱাৰ্ড সন্মানৰে সন্মানিত অসম আৰক্ষী দেশৰ দশমখন ৰাজ্যৰ ৰাজ্যিক আৰক্ষী। আনহাতে আৰক্ষীৰ সহকাৰী উপ মহাপৰিদৰ্শক (ক্রীড়া) আনন্দ মিশ্ৰই সকলো ৰাইজক হেলমেট পৰিধান কৰি মটৰ চাইকেল চলাবলৈ আহবান জনায়।