গুৱাহাটী : পাঁচ গৰাকী যুৱতী-মহিলাৰ আলফা (স্বাধীন)ত যোগদান কৰাৰ সন্দেহ। পাঁচ গৰাকী যুৱতী-মহিলাৰ এক ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে তোলপাৰ লাগিছে। এই পাঁচ গৰাকী যুৱতী-মহিলাৰ ভিতৰত আছে দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সাৰ।

তিনিচুকীয়া জিলাৰ ৰাষ্ট্রীয় পৰ্যায়ৰ মহিলা কিক বক্সাৰ নয়নমনি চেতিয়া আৰু গোগামুখৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মহিলা কিক বক্সাৰ সবিতা চেতিয়াই আলফা (স্বাধীন)ত যোগদান কৰাৰ বাবে ওলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই দুই গৰাকী খেলুৱৈৰ লগত আন তিনি গৰাকী যুৱতী-মহিলাও থাকৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

শুকুৰবাৰে ঘন জংঘলৰ মাজত এই পাঁচ গৰাকী যুৱতী-মহিলাই প্ৰৱেশ কৰি থকাৰ এক ভিডিঅ’ ভাইৰেল হৈছিল। এই ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে এই পাঁচ গৰাকী যুৱতী-মহিলাই আলফা (স্বাধীন)ত যোগদান কৰাৰ বাবে ওলাই যোৱাৰ সন্দেহ কৰা হৈছে। নয়নমনি চেতিয়া আৰু সবিতা চেতিয়া যোৱা মঙলবাৰৰ পৰাই সন্ধানহীন হৈ আছিল।

তিনিচুকীয়াৰ নয়নমনি চেতিয়া এটি ৭ বছৰীয়া সন্তানৰ মাতৃ। তিনিচুকীয়াৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সাৰ নয়নমনি চেতিয়া আৰু গোগামুখৰ সবিতা চেতিয়াৰ লগতে লখিমপুৰ জিলাৰ লালুক, মৰিগাঁও আৰু মাজুলীৰ তিনি গৰাকী যুৱতী-মহিলা আছে বুলি জানিব পৰা গৈছে। অৱশ্যে এই সন্দৰ্ভত অসম আৰক্ষীৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।