জোনমণি বেগম
বিশ্বনাথ : বানৰ সংহাৰী ৰূপৰ মাজতে চাইকেল লৈ পাঁচ যুৱক ওলাল অসম যাত্ৰাত। বিশ্বনাথৰ পাঁচ যুৱক চাইকেল লৈ সমগ্ৰ ৰাজ্য ভ্ৰমণৰ বাবে ওলাই আহিছে। ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে বিশ্বনাথৰ পাঁচ যুৱকে সোমবাৰৰ পৰা আৰম্ভ কৰে অসম যাত্রা।

নেৰা নেপেৰা বৰষুণৰ ফলত ৰাজ্যত সৃষ্টি হোৱা বানপানী ক্ৰমাৎ অধিক জটিল হৈ পৰিছে। বানপানীৰ লগতে পৰিস্থিতি অধিক শোচনীয় কৰি তুলিছে ভূমিস্খলনৰ ঘটনাই। বৰষুণৰ আৰু ভূমিস্খলনে ইতিমধ্যে পাহাৰীয়া ৰাজ্য ডিমা হাছাও বিধ্বস্ত কৰিছে। বানপানী আৰু ভূমিস্খলনৰ ঘটনাত মৃত্যুৰ মুখত পৰিছে কেইবাজনো লোক।

প্ৰকৃতিৰ এই ৰুদ্ৰৰূপৰ আঁৰত কৰবাত নহয় কৰবাত আছে মানৱ জাতিয়ে প্ৰকৃতিৰ ওপৰত চলোৱা ধ্বংসলীলা। প্ৰকৃতি ধ্বংসৰ ভয়ংকৰ পৰিমাণৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্য বিশ্বনাথৰ পাঁচ যুৱকে অসমজুৰি চাইকেল যাত্ৰা আৰম্ভ কৰিছে। পাঁচ জনীয়া যুৱকৰ দলটোৱে প্ৰকৃতি সুৰক্ষাৰ সজাগতাৰ বাবে সোমবাৰৰ পৰা চাইকেলেৰে সমগ্ৰ অসম যাত্ৰালৈ ৰাওনা হৈছে।

বিশ্বনাথ নগৰৰ পৰা পাঁচ যুৱকৰ দলটোৱে প্ৰকৃতি সংৰক্ষণৰ বিভিন্ন শ্ল’গান লৈ আৰম্ভ কৰে চাইকেল যাত্ৰা। বিশ্বনাথৰ পৰা আৰম্ভ কৰা চাইকেল যাত্ৰাত দলটোৱে প্ৰথমে নাৰায়নপুৰ, তাৰ পিছত লক্ষীমপুৰ আৰু লক্ষীমপুৰৰ পৰা ধেমাজি হৈ সমগ্ৰ অসম যাত্ৰা কৰিব।বিশ্বনাথৰ এই পাঁচ গৰাকী যুবক হ’ল ক্ৰমে ৰোহন দাস, মৃন্ময় প্ৰতিম বৰা ,মানস প্ৰজা, নাৰায়ন আচাৰ্য্য আৰু পাৰ্থ হাজাৰিকা।

যুৱক কেইজনে জনোৱা মতে এই যাত্ৰাৰ বাবে তেওঁলোকে এমাহ পাঁচ দিনৰ সময় লক্ষ্য কৰি লৈছে।বিশ্বনাথৰ পৰা এক মহান উদ্দেশ্য লৈ সমগ্ৰ অসম চাইকেল লৈ যাত্ৰা আৰম্ভ কৰা যুবক কেইজনক বিশ্বনাথৰ সমূহ জাতীয় দল সংগঠনে ফুলাম গামোচাৰে সম্বৰ্ধনা জনাই এই যাত্ৰাৰ সফলতা আৰু শুভকামনা জ্ঞাপন কৰে।