জোনমণি বেগম :
বিশ্বনাথ : বিশ্বনাথ মন্দিৰত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন। সাংসদ পল্লৱ লোচন দাস, উপায়ুক্ত মুণিন্দ্ৰ নাথ ঙাটে, বিধায়ক প্ৰমোদ বৰঠাকুৰ, জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙ উপস্থিত থাকে যোগ দিৱসৰ অনুষ্ঠানত। ২০১৫ চনত ২১ জুন তাৰিখে পোনপ্ৰথম বাৰৰ বাবে যোগ দিৱস পালন কৰা হৈছিল।

২০১৪ ৰ ছেপ্টেম্বৰ মাহত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ সমগ্ৰ বিশ্বজুৰি পালন কৰিবলৈ আহ্বান জনাই ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এটি প্ৰস্তাৱ দাঙি ধৰিছিল আৰু এই দিৱস পালনৰ যোগেদি বিশ্বৰ শান্তি আৰু সহযোগিতা বৃদ্ধি কৰিব পৰা হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰিছিল। ২০১৪ চনৰ ১১ ডিচেম্বৰত বহা ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে সেই প্ৰস্তাৱটোত অনুমোদন জনায়।

যোগৰ অনুশীলনৰ যোগেদি বিশ্ব শান্তি আৰু উন্নয়ন আৰু সৰ্বসাধাৰণৰ শাৰীৰিক স্বাস্থ্য উন্নত হ’ব বুলি যোগ সাধনাৰ উপকাৰিতা সম্পৰ্কে প্ৰচাৰ কৰাত গুৰুত্ব দিয়া হ’ল। পৰৱৰ্তী সময়ত ২০১৫ চনৰ ২১ জুনৰ দিনা পোনপ্ৰথমবাৰৰ বাবে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ সমগ্ৰ বিশ্বজুৰি পালন কৰা হয়। তেতিয়াৰ পৰা প্ৰতিবছৰে ২১ জুনৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ হিচাপে পালন কৰি অহা হৈছে।

দ্বিতীয় কাশী হিচাপে খ্যাত গুপ্তকাশী বিশ্বনাথ ঘাটত পালন কৰা হয় যোগ দিৱস। আহোম যুগৰ প্ৰসিদ্ধ ২৭ খন কৈ দেৱালয় সমৃদ্ধ বিশ্বনাথ মন্দিৰত পুৱা ৬ বজাতে বিশ্বনাথ জিলা প্ৰশাসন ও জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় যোগ দিৱসৰ কাৰ্যসূচী। প্ৰতিকুল বতৰৰ মাজত বিশ্বনাথ মন্দিৰৰ ভিতৰত অনুষ্ঠিত হোৱা যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস।

বিশ্বনাথৰ উপায়ুক্ত মুণিন্দ্ৰ নাথ ঙাটে, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ আৰক্ষী অধীক্ষক নবীন সিঙ, চি আৰ পি এফ বাহিনীৰ চি-৩০ শিবিৰসহ বহু কেইজন প্ৰশাসনিক বিষয়াৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে। বিশ্বনাথৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে যোগ শিবিৰৰ আয়োজন কৰা হয়।