কনক হাজৰিকা

নগাঁও : নগাঁও জিলাৰ চাৰিখন পৌৰসভাৰ নিৰ্বাচনৰ ঘোষিত ফলাফলত ৰাজ্যৰ শাসনাধিষ্ট বিজেপি আৰু অগপ মিত্ৰজোঁটে অভূতপূৰ্ব বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। নগাঁও পৌৰসভাৰ ঘোষণা কৰা ফলাফল অনুসৰি মুঠ ২৬ খন আসনৰ ভিতৰত ইতিমধ্যে বিনা প্ৰতিদ্বন্দিতাৰে তিনিগৰাকী বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰিছে।

বুধবাৰে ঘোষণা কৰা পৌৰসভা নিৰ্বাচনৰ ফলাফলত বিজেপি দলে ২২ আৰু অগপ দলে ৩ খন আসনেৰে মিত্ৰজোঁটে সৰ্বমুঠ ২৫ খন আসনত জয়লাভ কৰে। ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে মাত্ৰ এখন আসনত জয়লাভ কৰে। আনহাতে, জিলাখনৰ ধিং পৌৰসভাৰ ১০ খন আসনৰ কেউখন আসনতে বিজেপি দলৰ প্ৰাৰ্থী সকল বিজয়ী হৈছে।

একেদৰে ৰহা পৌৰসভা নিৰ্বাচনত বিজেপি আৰু অগপ মিত্ৰজোঁটৰ ৭ গৰাকী, অসম জাতীয় পৰিষদ দলৰ ১ গৰাকী আৰু ২ গৰাকী নিৰ্দলীয় প্ৰাৰ্থী বিজয়ী হৈছে। আনহাতে, জিলাখনৰ কামপুৰ পৌৰসভাৰ নিৰ্বাচনৰ ঘোষিত ফলাফলত বিজেপি দলৰ ৭ গৰাকী আৰু অগপ দলৰ ৩ গৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰে।