ৰঙিয়া : বিপদত পৰিছে ৰঙিয়া পৌৰসভা (Rangia Municipal)। বন বিভাগে বিপদত পেলাব ৰঙিয়া পৌৰসভাক। বন বিভাগে নিজাববীয়াকৈ ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে গোচৰ ল’ব। প্ৰকৃতি প্ৰেমীয়ে ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে ক্ষোভ উজাৰৰ পিছতে ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে বন বিভাগে।

বন বিভাগৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ প্ৰকৃতি ধ্বংসযজ্ঞ চলাইছে ৰঙিয়া পৌৰসভাই। উন্নয়ন নামত ৰঙিয়া নগৰৰ প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি ৰঙিয়াত প্ৰকৃতি ধ্বংসযজ্ঞ চলাইছে ৰঙিয়া পৌৰসভাই। ৰঙিয়া পৌৰসভাৰ গছ কটা কাৰ্যত ক্ষোভিত হৈ পৰিছে ৰঙিয়াৰ সচেতন ৰাইজৰ লগতে প্ৰকৃতি প্ৰেমী সকল। ৰঙিয়া নগৰত শ শ বছৰ পুৰণি প্ৰকাণ্ড প্ৰকাণ্ড গছ ৰঙিয়া পৌৰসভাই কাটি পেলোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ৰঙিয়াৰ সচেতন ৰাইজ আৰু প্ৰকৃতি প্ৰেমী সকলৰ প্ৰতিক্ৰিয়াৰ পিছতে ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে তৎপৰ হৈ উঠিছে বন বিভাগ। ৰঙিয়া পৌৰসভাই নগৰখনত গছ কটা কাৰ্য সন্দৰ্ভত সংবাদ মাধ্যমে বন বিভাগৰ প্ৰতিক্ৰিয়া সংগ্ৰহ কৰিবলৈ বন বিভাগৰ লগত যোগযোগ কৰাত বন বিভাগৰ ফালৰ পৰা জানিবলৈ দিয়া হয় যে ৰঙিয়া পৌৰসভাই বন বিভাগৰ পৰা কোনো ধৰণৰ অনুমতি নোলোৱাকৈ গছ কাটিছে। বন বিভাগে এই সন্দৰ্ভত ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব বুলিও বন বিভাগে জানিবলৈ দিয়ে।

উত্তৰ কামৰূপ বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া চানী চৌধুৰীয়ে কয় ” বন বিভাগৰ পৰা অনুমতি নোলোৱাকৈ নিজ ময়মতালিৰে ৰঙিয়া পৌৰসভাই ৰঙিয়া নগৰত প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি প্ৰকৃতি ধ্বংসযজ্ঞ চলাইছে। বন বিভাগে ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। বন বিভাগে নিজাববীয়াকৈ ৰঙিয়া পৌৰসভাৰ বিৰুদ্ধে গোচৰ ল’ব।” তেওঁ লগতে কয় যে বন বিভাগে ৰঙিয়া পৌৰসভাক জৰিমনা বিহাৰ লগতে ৰঙিয়া পৌৰসভাক নাকী লগাবলৈ অতি শীঘ্ৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব।

উল্লেখ্য যে উন্নয়ন নামত ৰঙিয়া পৌৰসভাই নগৰখনৰ বিভিন্ন প্ৰান্তত ৰঙিয়াবাসীৰ চিৰ পৰিচিত বহু পুৰণি প্ৰকাণ্ড প্ৰকাণ্ড গছ কাটি তহিলং কৰিছে। ইয়াকে কেন্দ্ৰ কৰি ৰঙিয়াবাসীৰ মাজত সৃষ্টি হৈছিল ব্যাপক প্ৰতিক্ৰিয়াৰ। ৰঙিয়াবাসী ৰাইজৰ লগতে প্ৰকৃতি প্ৰেমী সকলে ইয়াকলৈ ক্ষোভ উজাৰিছিল। ৰঙিয়া নগৰৰ আৱৰ্জনাময় নলা-নৰ্দমা সমূহ পৰিষ্কাৰ পৰিচন্ন কৰি ৰখাৰ পৰিবৰ্তে ৰঙিয়া পৌৰসভাই উন্নয়নৰ নামত প্ৰকৃতি ধ্বংস কৰা কাৰ্যক সকলোৱে গৰিহণা দিছে।