গুৱাহাটী : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গুৱাহাটীত প্ৰথম ‘B2B Global Conference & Expo on Traditional Medicine under Shanghai Cooperation Organization (SCO)’ শীৰ্ষক চাৰিদিনীয়া আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনৰ উদ্বোধন কৰে (Ayush Ministry)।  ইয়াত ১৭ খন দেশৰ ১৫০ জনতকৈ অধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বি টু বি এক্সপ’ও উদ্বোধন কৰে।

সংবাদমেলত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, “২০২৩ বৰ্ষত এছ চি অ’ পৰিষদত ভাৰতৰ সভাপতিত্বত আয়ুষ মন্ত্ৰালয়ে আয়োজন কৰা এই গুৰুত্বপূৰ্ণ বি ২ বি সন্মিলন আৰু পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় এক্সপ’ত যোগদান কৰা বিভিন্ন এছ চি অ’ দেশৰ স্বাস্থ্য মন্ত্ৰী, বিশেষজ্ঞ, বিষয়া, ব্যৱসায়িক প্ৰতিনিধিসকলক সম্ভাষণ জনাই ম‌ই অতিশয় আনন্দিত হৈছোঁ। এইটো এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ য’ত আমি মানৱ জীৱন সমৃদ্ধিৰ বাবে পৰম্পৰাগত চিকিৎসাৰ ব্যৱহাৰক অধিক আগুৱাই নিয়াৰ বাবে আৰু বিশ্বৰ মানুহৰ জীৱন-যাপনৰ মান উন্নত কৰাৰ বাবে সম্ভাৱ্য পৰিকাঠামো উলিয়াবলৈ এক উমৈহতীয়া ভিত্তি বিচাৰি পাইছোঁ। পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ চহকী ঐতিহ্যই যে যুগ যুগ ধৰি ৰোগীৰ যত্নৰ ক্ষেত্ৰত আশীৰ্বাদ বুলি প্ৰমাণিত হৈছে, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। আমাৰ এই চহকী জ্ঞানক বহুল ব্যৱহাৰৰ বাবে মানৱ জীৱনত নিখুঁতভাৱে খাপ খুৱাব লাগিব। আমাৰ পৰম্পৰাগত চিকিৎসাৰ চহকী ঐতিহ্যৰ জৰিয়তে ৰোগীৰ আৰোগ্য অৱস্থাক এক নতুন স্তৰলৈ উন্নীত কৰিব পাৰোঁ।  আধুনিক চিকিৎসা বিজ্ঞানৰ লগতে পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ উত্তম পদ্ধতিসমূহৰ পদ্ধতিগত আৰু বৈজ্ঞানিক অভিযোজনেৰে ই মানৱতাৰ উন্নতিৰ বাবে এক মংগলকাৰী পদক্ষেপ বুলি বিবেচিত হ’ব।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয়, “আমাৰ শাৰীৰিক লগতে মানসিক স্বাস্থ্য বজাই ৰখাত আমাৰ খাদ্যাভ্যাসৰ মুখ্য ভূমিকা আছে। আয়ুৰ্বেদ আৰু অন্যান্য পৰম্পৰাগত চিকিৎসা ব্যৱস্থাই সৰু সৰু স্বাস্থ্যজনিত সমস্যাৰ চিকিৎসাত বিভিন্ন খাদ্য সামগ্ৰীৰ নিৰ্দিষ্ট স্বাস্থ্য উপকাৰিতা আৰু ইয়াৰ ৰেচিপিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিছে। লগতে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে প্ৰদান কৰা চিকিৎসা পদ্ধতিৰ পৰিপূৰক হিচাপেও গুৰুত্ব আৰোপ কৰিছে। জৈৱ-উপলব্ধ ৰূপত শৰীৰক প্ৰয়োজনীয় খনিজ পদাৰ্থ, আঁহ আৰু অন্যান্য উপাদান যোগান ধৰাত মিলেটৰ ভূমিকা অন‍্যতম। ভাৰতৰ এই প্ৰস্তাৱত সঁহাৰি জনাই ৰাষ্ট্ৰসংঘই ২০২৩ চনক ‘আন্তঃৰাষ্ট্ৰীয় মিলেট বৰ্ষ’ হিচাপে ঘোষণা কৰিছে।  ২০২৩ চনৰ আৰম্ভণিৰ পৰাই মানুহৰ পছন্দ অনুসৰি মিলেটক দৈনন্দিন খাদ্যত একত্ৰিত কৰা হৈছে।” পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ প্ৰসাৰৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ বিষয়ে কোৱাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰতে ৰোগীৰ যত্নত হাজাৰ বছৰীয়া পুৰণি পৰম্পৰাগত চিকিৎসা পদ্ধতিসমূহ পুনৰুজ্জীৱিত কৰাৰ বাবে বিনিয়োগ কৰি আছে। ভাৰতৰ জামনগৰত বিশ্ব স্বাস্থ্য সংস্থাৰ গ্ল’বেল চেণ্টাৰ অৱ ট্ৰেডিচনেল মেডিচিনৰ প্ৰতিষ্ঠা এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ছেপ্টেম্বৰ, ২০২২ তাৰিখে সমৰখণ্ডত অনুষ্ঠিত হোৱা এছ চি অ’ৰ শীৰ্ষ সন্মিলনত মন্তব্য কৰিছিল যে ভাৰতে পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় নতুন এছ চি অ’ ৱৰ্কিং গ্ৰুপৰ বাবে উদ্যোগ ল’ব। এই সন্মিলন আৰু এক্সপ’ৰ জৰিয়তে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ প্ৰমাণিত আৰু সমৃদ্ধ গুণসমূহক সজীৱ কৰি তুলিবলৈ সামূহিকভাৱে কাম কৰাৰ আন এক প্ৰয়াস কৰা হৈছে। ইয়াত আপোনালোকৰ সমৰ্থন আৰু আলোচনাৰ জৰিয়তে আমি আশা কৰোঁ যে, মানৱতাৰ উন্নতিৰ বাবে বিশ্বত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ প্ৰসাৰক আৰু অধিক আগুৱাই নিয়াত ফলপ্ৰসূ হ’ব।”

এছচিঅ’ সন্মিলনৰ উদ্বোধনী অধিৱেশনত আয়ুষ আৰু মহিলা তথা শিশু উন্নয়ন বিভাগৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ডাঃ মহেন্দ্ৰভাই মুঞ্জপাৰা;  ম্যানমাৰ চৰকাৰৰ মহামহিম কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ থেট খাইং উইন; মালদ্বীপ চৰকাৰৰ মহামহিম স্বাস্থ্য উপমন্ত্ৰী ছাফিয়া মহম্মদ ছাইদ আৰু আয়ুষ মন্ত্ৰালয়ৰ সম্পাদক বৈদ্য ৰাজেশ কোটেচাও উপস্থিত থাকে। সন্মানীয় অতিথিসকলে বন্তি প্ৰজ্বলন কৰাৰ পাছতে সন্মিলনখন মুকলি ঘোষণা কৰা হয়। আদৰণি ভাষণ প্ৰদান কৰে আয়ুষ মন্ত্ৰালয়ৰ উপদেষ্টা (আয়ুৰ্বেদ) ড° মনোজ নেছাৰীয়ে। তাৰপাছতে আয়ুষ মন্ত্ৰালয়ৰ সম্পাদক পদ্মশ্ৰী বৈদ্য ৰাজেশ কোটেচাই ভাষণ প্ৰদান কৰে।  প্ৰতিনিধিসকলক সম্বোধন কৰে ম্যানমাৰৰ উচ্চ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ থেট খাইং উইনৰ লগতে মালদ্বীপ চৰকাৰৰ উচ্চ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী ড০ শ্বাহ মাহীৰ। আয়ুষ আৰু মহিলা তথা শিশু উন্নয়ন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডাঃ মুঞ্জপাৰা মহেন্দ্ৰভাইও সভাত ভাষণ প্ৰদান কৰে। সভাপতিৰ ভাষণ প্ৰদান কৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আয়োজক চহৰ গুৱাহাটী সন্দৰ্ভত ভাষণ দি সৰ্বানন্দ সোণোৱালে কয়, “এতিয়া ভাৰতৰ প্ৰধান চহৰসমূহৰ বাহিৰত অধিক সংখ্যক আন্তঃৰাষ্ট্ৰীয় সুনাম সন্মিলন অনুষ্ঠিত হ’বলৈ ধৰিছে। এয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি সহৃদয় দৃষ্টিভংগীৰ বাবেই সম্ভৱ হৈছে। গুৱাহাটীত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ এই গুৰুত্বপূৰ্ণ আন্তঃচৰকাৰী সন্মিলনখন আয়োজন কৰাৰ সময়তে অঞ্চলটোৰ পৰম্পৰাগত চিকিৎসাৰ অনুশীলনকাৰী, বিশেষজ্ঞ আৰু অনুৰাগীসকলক মোদীজীৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ দৃষ্টিভংগীৰ প্ৰতি নিমজ্জিত হ’বলৈ এক বৃহৎ প্ৰেৰণা দিয়াৰ সম্ভাৱনা আছে। মই নিশ্চিত যে উত্তৰ-পূব অঞ্চলৰ জনসাধাৰণে পৰম্পৰাগত ঔষধি সামগ্ৰী প্ৰদৰ্শন কৰা এক্সপ’খন ভ্ৰমণ কৰি অভিজ্ঞতা লাভ কৰিব। লগতে ইয়াত অনুষ্ঠিত হোৱা বিনামূলীয়া স্বাস্থ্যসেৱা শিবিৰৰ সুবিধা লোৱাৰ অনন্য সুযোগ পাব।

ইয়াত অংশগ্ৰহণ কৰা সমূহ প্ৰতিনিধিলৈ ম‌ই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে অসম ভূমিৰ মনোমোহা সৌন্দৰ্য্য উপভোগ কৰিবলৈ অনুৰোধ জনাইছোঁ।” পৰম্পৰাগত ঔষধৰ প্ৰস্তুতকৰণ, পুষ্টিকৰ খাদ্য সামগ্ৰী, নিষ্কাশিত বনৌষধি আৰু সেৱা খণ্ডক সামৰি লোৱা এই বিস্তৃত এক্সপ’ত সমগ্ৰ ভাৰতৰ পৰম্পৰাগত ঔষধৰ প্ৰস্তুতকৰ্তা/ৰপ্তানিকৰ্তা আৰু আয়ুৰ্বেদিক চিকিৎসালয়/ক্লিনিকেল সেৱাৰ সৈতে জড়িত অভিজ্ঞ ব্যক্তিসকলৰ সৈতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ’ব। তদুপৰি, এছচিঅ’ আৰু অংশীদাৰ দেশসমূহৰ প্ৰতিনিধি দলৰ সৈতে সংগঠিত B2Bৰ সুবিধা, আয়ুৰ্বেদিক সৌন্দৰ্য আৰু সুস্থতা সামগ্ৰীৰ অন্বেষণ, স্বীকৃতিপ্ৰাপ্ত আয়ুষ চিকিৎসকৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা, ৰাজহুৱা বক্তৃতাৰ জৰিয়তে পৰম্পৰাগত ঔষধৰ বিষয়ে নজনা বহু কথা জনাৰ সুযোগ, পোনপটীয়া যোগ অধিৱেশনৰ জৰিয়তে স্বাস্থ্যকৰ জীৱন যাপনৰ অভিজ্ঞতা জনসাধাৰণে লাভ কৰিব পাৰিব এই আন্তঃৰাষ্ট্ৰীয় সন্মিলনত।

আয়ুষ মন্ত্ৰালয়ে ছাংহাই ক’পৰেশ্বন অৰ্গেনাইজেচনৰ কাৰ্যভাৰৰ অধীনত বিভিন্ন পদক্ষেপ হাতত লৈছে। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞ আৰু ব্যৱহাৰকাৰী সকলৰ ভাৰ্চুৱেল সন্মিলনৰ আয়োজন কৰা হৈছিল য’ত এছচিঅ’ৰ ২৫ খন দেশৰ বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছিল। যোৱা মাহত নতুন দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী অনুসৰি অনুষ্ঠিত হোৱা বিশেষজ্ঞ সকলৰ বৈঠকত পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞ কৰ্মীগোটৰ খচৰা কাৰ্যভাৰ অনুমোদন জনোৱা হয়।