ৰূপাংকৰ ভট্টাচাৰ্য

গুৱাহাটী : বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰ্যটকৰ বাবে পুনৰ মুকলি কৰিলে চিৰিয়াখানা। বন্যপ্ৰাণী সপ্তাহ উপলক্ষে অসম ৰাজ্যিক চিকিয়াখানাত অনুস্থিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ বনমন্ত্ৰী গৰাকীয়ে পৰ্যটকৰ বাবে মুকলি কৰি দিয়ে চিৰিয়াখানা।

শনিবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হয় ৬৭ তম বন্যপ্ৰাণী সপ্তাহ। অহা ৮ অক্টোবৰ পৰ্যন্ত চলিব লগীয়া এই বন্যপ্ৰাণী সপ্তাহৰ শুভৰম্ভনি কৰে ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই। অসম ৰাজ্যিক চিৰিয়াখানাত বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰি বনমন্ত্রী গৰাকীয়ে পৰ্যটকৰ বাবে চিৰিয়াখানা পুনৰ মুকলি কৰি দিয়ে।

ক’ভিড মহামাৰীৰ ফলত পৰ্যটকৰ বাবে বন্ধ হৈ থকা চিৰিয়াখানাত পুনৰ পৰ্যটক সকলে প্ৰৱেশ কৰিব পাৰিব। পৰ্যটক সকলে অনলাইনযোগে টিকট সংগ্ৰহ কৰি চিৰিয়াখানাত প্ৰৱেশ কৰিব পাৰিব। কভিডসৃষ্ট পৰিৱেশৰ বাবে দীর্ঘদিন ধৰি বন্ধ হৈ থকা চিৰিয়াখানা বন্যপ্ৰাণী সপ্তাহৰ লগত সংগতি ৰাখি মুকলি কৰি দিয়া হয়।

উল্লেখ্য যে যোৱা বছৰ ক’ভিডৰ আৰম্ভণিৰ পিছত পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল চিৰিয়াখানা। অৱশ্যে ক’ভিডৰ সংক্ৰমণৰ নিয়ন্ত্ৰণলৈ অহাৰ পিছত চলিত বর্ষৰ জানুৱাৰী মাহৰ ২ তাৰিখৰ পৰা পুনৰ পৰ্যটকত বাবে মুকলি কৰা হৈছিল চিৰিয়াখানা। অনলাইন টিকট সংগ্ৰহ কৰি প্ৰতিদিনে এহাজাৰ পৰ্যটকক চিৰিয়াখানাত প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছিল।

চলিত বৰ্ষত পুনৰ ক’ভিডৰ সংক্ৰমণ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰাত চিৰিয়াখানা আকৌ পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হৈছিল। বৰ্তমান ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহাৰ পৰ্যটক সকলে পুনৰ চিৰিয়াখানা ভ্ৰমণ কৰিব পাৰিব। বনমন্ত্রী পৰিমল শুক্লবৈদ্যই চিৰিয়াখানাৰ হাতীক কুঁহিয়াৰ আৰু কল খুৱাই পৰ্যটকৰ বাবে পুনৰ মুকলি কৰি দিয়ে চিৰিয়াখানা।